
উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত মিত্ৰদল অগপক বৰপেটাৰ লগতে ধুবুৰী আৰু কলিয়াবৰ সমষ্টি এৰি দিছিল ৷
উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত মিত্ৰদল অগপক বৰপেটাৰ লগতে ধুবুৰী আৰু কলিয়াবৰ সমষ্টি এৰি দিছিল ৷
লোকসভা নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ সময়তে বৰপেটাৰ আসনখনক লৈ মিত্ৰজোঁটৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি অহা সমষ্টিটোক লৈ এইবাৰ বিগ ব্ৰাদাৰ্ছ বিজেপিয়ে বিশেষ চিন্তা কৰিছে।উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত মিত্ৰদল অগপক বৰপেটাৰ লগতে ধুবুৰী আৰু কলিয়াবৰ সমষ্টি এৰি দিছিল ৷ কিন্তু উক্ত তিনিওটা সমষ্টিতে অগপই পৰাজিত হ’বলগীয়া হৈছিল ৷ নিৰ্বাচনী ফলাফলত এআইউডিএফে ধুবুৰী আৰু কংগ্ৰেছে বৰপেটা আৰু কলিয়াবৰত দল জয়ী কৰিবলৈ সক্ষম হয় ৷
বিগত লোকসভা নিৰ্বাচনৰ এই ফলাফল পৰ্যালোচনা কৰি আগন্তুক দিনত অগপক বৰপেটা সমষ্টিটো এৰি দিয়া হ’ব নে নাই তাক লৈ মিত্ৰজোঁটৰ ভিতৰচ'ৰাত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ কংগ্ৰেছ আৰু এআইইউডিএফ দলে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি চলাই থকাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে এইবাৰ সমষ্টিটো মিত্ৰদল অগপক পুনৰ এৰি নিদি নিজে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁৱত উপস্থিত হৈ বৰপেটা লোকসভা সমষ্টিত বিজেপিয়ে নিজা প্ৰাৰ্থিত্ব প্ৰদানৰ ইংগিত দিয়ে ৷ দলীয় কাৰ্যকৰ্তাৰে মত বিনিময়ৰ অন্তত বিজেপিয়ে সমষ্টিটোত জয়লাভ নিশ্চিত বুলি মন্তব্য কৰে ৷ Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|