মুখ্যপৃষ্ঠা »খবৰ »অসম »Barsharani Bishaya : ৰাজনীতিলৈ বৰষাৰাণী! গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব নেকি বৰষাৰাণী বিষয়া? কোন দলৰ হৈ খেলিব নিৰ্বাচন?

Barsharani Bishaya : ৰাজনীতিলৈ বৰষাৰাণী! গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব নেকি বৰষাৰাণী বিষয়া? কোন দলৰ হৈ খেলিব নিৰ্বাচন?

গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব নেকি বৰষাৰাণী বিষয়া?

গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব নেকি বৰষাৰাণী বিষয়া?

  • Share this:

ৰাজনীতিৰ এক বিশেষ চৰ্চা এতিয়া বৰষাৰাণী বিষয়াক কেন্দ্ৰ কৰি৷ মোহময়ী অভিনেত্ৰীগৰাকী ২০২৪ৰ লোকসভা নিৰ্বাচনত গুৱাহাটীৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে বুলি প্ৰকট হৈছে সম্ভাৱনা ৷ ইয়াৰ আঁৰৰ কথাটো আচলতে সুকীয়া ৷


কংগ্ৰেছেহে অভিনেত্ৰীগৰাকীক প্ৰক্ষেপ কৰিব বিচাৰিছে সংসদীয় সমষ্টিটোত৷ যদিহে গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইন ওজাৰ ঠাইত আঙুৰলতা ডেকাক প্ৰক্ষেপ কৰে, তেতিয়া কংগ্ৰেছে বৰষাৰাণী বিষয়াক প্ৰক্ষেপ কৰি সমষ্টিটো দখলৰ বাবে এটা কৌশল ৰচনা কৰিছে৷


ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা সন্মতি বিচৰা হৈছে যদিও আমি জানিব পৰা মতে, অভিনেত্ৰী বৰষাৰাণীয়ে সন্মতি দিয়া নাই কংগ্ৰেছক ৷ কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বাসগৃহলৈ যাওঁতে এনে এক বিষয়ৰ ওপৰত আলোচনা হোৱা বুলি এটা সূত্ৰত প্ৰকাশ পাইছে ৷


আনহাতে 'কা' আন্দোলনৰ সময়ত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাৰ পিছত সকলোৱে ভাবিছিল ৰাজনীতিলৈ আহিব বৰষাৰাণী বিষয়া ৷ কিন্তু কা আন্দোলনৰ গইনা লৈ জন্ম হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত যোগদান নকৰি নিজকে ৰাজনীতিৰ পৰা দূৰত অৱস্থান কৰাহে দেখা গ'ল বৰষাৰাণী বিষয়াক ৷


হয়তো 'কা' আন্দোলনত লোৱা ভূমিকা আৰু আঙুৰলতা ডেকা গুৱাহাটীত প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা এই দুয়োটা দেখিয়েই কংগ্ৰেছ নেতৃত্বক বৰষাৰাণী বিষয়াক ৰাজনীতিলৈ অহাৰ প্ৰস্তাৱ দিবলৈ পৰামৰ্শ আগবঢ়াইছে বিভিন্ন মহলে, যাৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ গঢ়ি উঠিছে বৰষাৰাণী বিষয়াক লৈ এনে এক চৰ্চাৰ৷ এক সূত্ৰৰ মতে, বৰষাৰাণী বিষয়াক সন্মত কৰিবলৈ ৰাজ্যৰ এজন বুদ্ধিজীৱীক খাটনি ধৰিছে কংগ্ৰেছ নেতৃত্বই ৷


গুৱাহাটীৰ উজানবজাৰৰ জীয়ৰী বৰষাৰাণী বিষয়া যদি কংগ্ৰেছৰ গুৱাহাটীৰ প্ৰাৰ্থী আৰু বিজেপিৰ প্ৰাৰ্থী যদি আঙুৰলতা ডেকা হয়। ২০২৪ৰ লোকসভা নিৰ্বাচন অৱশ্যেই হ'ব আমোদজনক ৷ কিন্তু ৰাজনীতিলৈ অহাৰ সন্মতি দিব জানো বৰষাৰাণী বিষয়াই? সেয়া নিৰ্ভৰ কৰিব সময়ৰ ওপৰতহে ৷

শেহতীয়া বাতৰি