মুখ্যপৃষ্ঠা »খবৰ »অসম »Assamese Language : অসমীয়া ভাষাই পাব ধ্ৰুপদী ভাষাৰ স্বীকৃতি! দেশত মাত্ৰ ছটা ভাষাই পাইছে এই মৰ্যাদা

Assamese Language : অসমীয়া ভাষাই পাব ধ্ৰুপদী ভাষাৰ স্বীকৃতি! দেশত মাত্ৰ ছটা ভাষাই পাইছে এই মৰ্যাদা

অসম প্ৰকাশন পৰিষদে চৰকাৰক শীঘ্ৰেই জমা দিব দলিল

অসম প্ৰকাশন পৰিষদে চৰকাৰক শীঘ্ৰেই জমা দিব দলিল

অসম প্ৰকাশন পৰিষদে চৰকাৰক শীঘ্ৰেই জমা দিব দলিল

  • Share this:
চিৰচেনেহী অসমীয়া ভাষাটোৱে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয় প্ৰদত্ত ধ্ৰুপদী ভাষা মৰ্যাদা (Classical Language Status) অতি সম্প্ৰতি লাভ কৰা নাই ৷ ভাৰত চৰকাৰে সংবিধানৰ অষ্টম অনুসূচীত ২২টা আঞ্চলিক ভাষাক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাৰ উপৰি সংস্কৃত, কানাড়া, তামিল,তেলুগু, মালায়ালম আৰু ওড়িয়া এই ছটা ভাষাক বিভিন্ন সময়ত ধ্ৰুপদী ভাষাৰ বিশেষ স্বীকৃতি প্ৰদান কৰিছে ৷

বিকাশৰ ইতিহাসেৰে অসমীয়া ভাৰতীয় ভাষাকুলৰ অন্যতম প্ৰাচীন ভাষা হোৱা সত্ত্বেও আজিও কিন্তু ই কেন্দ্ৰীয় চৰকাৰৰ এই ধ্ৰুপদী ভাষাৰ স্বীকৃতি আৰু মৰ্যাদাৰ পৰা বঞ্চিত ৷ এই স্বীকৃতি আবেদন কৰিব পৰাকৈ আমাৰ হাতত নাছিল ভাষাটোক লৈ এখন দলিল ৷ অসম প্ৰকাশন পৰিষদে এখন ডচিয়েৰ প্ৰস্তুতিৰ কামত ২০১৯তে হাতত লৈছিল।

সম্প্ৰতি এই দলিলখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ৷ অহা মে' মাহত ৰাজ্য চৰকাৰৰ হাতত পৰিষদে তুলি দিব দলিলখন৷ "২০১৯তে আমি কামটো আৰম্ভ কৰিছিলোঁ ৷ আমি এই কামটোৰ বাবে প্ৰথমেই গৈছিলোঁ ওড়িশাৰ দেৱী প্ৰসন্ন পাটনায়ক (Devi Prasanna Patnaik)ৰ কাষলৈ গৈছিলোঁ ৷ ওড়িয়া ভাষাটোক এই স্বীকৃতি লাভৰ আঁৰৰ ব্যক্তি আছিল পাটনায়ক ৷ ব্যক্তিজনে আমাক তেওঁলোকে প্ৰস্তুত কৰা ডচিয়েৰখন দি দিছিল ৷ আমি তাৰ পিছত এই  দলিলৰ কামখিনি পৰ্যায়ক্ৰমে কৰি গৈছোঁ৷ বহুকেইজন বিশেষজ্ঞ লোকে এই কাম কৰিছে ৷ ভাষিক, সাহিত্যিক, ঐতিহাসিক এই তিনিটা মূল দিশ সামৰি আমাৰ ডচিয়েৰখন প্ৰস্তুত হৈছে। কোনোবাই সংসদত আমাৰ ভাষাটোৱে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিবলৈ আবেদন জনাব পৰাকৈও আমাৰ হাতত দলিল এখন নাছিল৷ আমি মে' মাহত দলিলখন জমা দিব পাৰিম৷" —এই কথাখিনি ক'লে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।

খ্ৰীষ্টিয় পঞ্চম শতিকাৰ পৰা অসমীয়া ভাষাৰ প্ৰামাণ্য লিখিত নিদৰ্শন ৰূপে শিলালিপি, তাম্ৰলিপি, সাঁচিপাতৰ পুথিসমূহ আছে৷ অসমীয়া ভাষাৰ নিজস্ব ভাষিক তথা ব্যৱহাৰিক বৈশিষ্ট্য থকাৰ লগতে প্ৰায় দুহাজাৰ বছৰৰ বিভিন্ন ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক সমল আছে অসমীযা ভাষাৰ ৷ এই কথা সজোৰে সংসদত উত্থাপন কৰিছিল ৰাজ্যসভাৰ বিজেপি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত৷ ইতিমধ্যে ২০০৪ চনত তামিলে, ২০০৫ চনত সংস্কৃতে,  ২০০৮ চনত তেলুগুৱে, ২০০৮ চনত কানাড়াই, ২০১৩ চনত মালায়ালমে আৰু ২০১৪ চনত ওড়িয়াই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে৷

শেহতীয়া বাতৰি