নিয়মিতৰূপত মাইক্ৰ'ফাইনেন্সৰ ঋণ (Micro Finance Loan)পৰিশোধ কৰি থকা মহিলাক ২৫,০০০ টকাৰ ইনচেণ্টিভ প্ৰদানৰ কথা ঘোষণা কৰা হ'ব পাৰে বাজেট (Budget)ত।
নিয়মিতৰূপত মাইক্ৰ'ফাইনেন্সৰ ঋণ (Micro Finance Loan)পৰিশোধ কৰি থকা মহিলাক ২৫,০০০ টকাৰ ইনচেণ্টিভ প্ৰদানৰ কথা ঘোষণা কৰা হ'ব পাৰে বাজেট (Budget)ত।
আজি অসম বিধানসভাত দাখিল কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ (Himanta Biswa Sarma)ৰ প্ৰথমখন বাজেট (Assam Budget 2021-22)। ৰাজ্যৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগ (Ajanta Neog)ৰো এইখন প্ৰথম বাজেট। এইবাৰৰ বাজেটত ৰাজ্যবাসীৰ নজৰত থকা আটাইতকৈ ডাঙৰ বিষয়টোৱেই হৈছে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই (Micro Finance Loan ঐোগনাী)। ৰাজ্যৰ প্ৰায় ২৬ লাখ মহিলাই বাট চাই আছে অজন্তা নেওগৰ মুখলৈ। সকলোৱে ভবাৰ দৰে এই বাজেটে মাইক্ৰ'ফাইনেন্সৰ ঋণ (Micro Finance Loan )লোৱা মহিলাসকলক ৰেহাই দিবনে?
চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যে সকলো মহিলাই ঋণ ৰেহাই নাপায়। নিৰ্ধাৰিত চৰ্ত অনুসৰি ঋণ ৰেহাই পাব মহিলাসকলে। মন্ত্ৰী অসোক সিংঘালেও কৈছে এই বাজেটত মহিলাসকলৰ বাবে ভালখবৰ থাকিব, কিন্তু সেয়া হ'ব চৰ্ত সাপেক্ষ।
এই বাজেটত ৰাজ্যৰ প্ৰায় ১২ লাখ মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ সম্ভাৱনা আছে। জানিব পৰা মতে, যিসকল মহিলাই নিয়মিতৰূপত মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধ কৰি আছিল তেনে মহিলাৰ বাবে ২৫,০০০ টকাৰ ইনচেণ্টিভ (Incentive) প্ৰদানৰ কথা ঘোষণা কৰা হ'ব পাৰে অজন্তা নেওগৰ বাজেটত।
উল্লেখ্য যে চৰ্তবিহীনভাৱে সকলো মহিলাৰ ঋণ ৰেহাইৰ দাবীত আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। কিন্তু চৰকাৰে ৰিজাৰ্ব বেংক (Reserve Bank)ৰ নীতিৰ উলংঘা কৰি দিয়া আৰু লোৱা ঋণ কোনোপধ্যেই ৰেহাই দিব পৰা নাযাব বুলি স্পষ্ট কৰি দিছে। উল্লেখ্য যে অসমত প্ৰায় ২৬ লাখ মহিলাই প্ৰায় ১২০০০ কোটি টকাৰ ঋণ লৈছে মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা। ইয়াৰ লগত জড়িত হৈ আছে ৪৪টা মাইক্ৰ'ফাইনেন্স কোম্পানী।
অৱশ্যে এই সন্দৰ্ভত আজি বাজেট দাখিলৰ পিছতহে সকলো কথা স্পষ্ট হ'ব। আজি বিয়লি ৩ বজাত অসম বিধান সভাত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|