মুখ্যপৃষ্ঠা »খবৰ »অসম »Wild Elephant In Nalbari : নলবাৰীৰ যুগুৰকুছিত বন্যহস্তী, পূৰ্বে নোহোৱা-নোপজা ঘটনা সন্মুখীন হৈ আতংকিত ৰাইজ

Wild Elephant In Nalbari : নলবাৰীৰ যুগুৰকুছিত বন্যহস্তী, পূৰ্বে নোহোৱা-নোপজা ঘটনা সন্মুখীন হৈ আতংকিত ৰাইজ

জনাঞ্চল এৰি বনাঞ্চলত প্ৰৱেশ বন্যহস্তি , আতংকিত নলবাৰীৰ যুগুৰকুছি।

জনাঞ্চল এৰি বনাঞ্চলত প্ৰৱেশ বন্যহস্তি , আতংকিত নলবাৰীৰ যুগুৰকুছি।

  • Share this:

খাদ্যৰ সন্ধানত বনাঞ্চল এৰি নলবাৰীৰ যুগুৰকুছিৰ জনাঞ্চলত প্ৰৱেশ বন্যহস্তী। কোনোদিনে বনৰীয়া হাতী প্ৰত্যক্ষ নকৰা অঞ্চলটোত হাতী দেখি আতংকিত বৃহত্তৰ অঞ্চলৰ ৰাইজ।


বন বিভাগ আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে যদিও বন্যহস্তীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। ইফালে হাতী চাবলৈ ওলাই আহিছে ৰাইজ। ঘগ্ৰপাৰ আৰক্ষীয়ে সজাগ হোৱাৰ বাবে আহ্বান জনাইছে যদিও আতংকিত সকলো।


বন্যহস্তীৰ জাকটোৱে জংঘলত আশ্ৰয় লৈ আছে যদিও অঞ্চলটোৰ হাতী চাবলৈ যথেষ্ট লোক সমবেত হোৱাৰ ফলত যদিহে উগ্ৰ ৰূপ ধাৰণ কৰে, তেতিয়াহ'লে কাষতে থকা জনবসতিত উপদ্ৰৱ চলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। পিছে বন বিভাগ আৰু আৰক্ষী প্ৰশাসনে হাতী খেদি পঠিওৱাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

শেহতীয়া বাতৰি