মুখ্যপৃষ্ঠা »খবৰ »অসম »কলিয়াবৰৰ এক নং সৰিয়হবাৰীত বন্যহস্তীৰ আক্ৰমণত নিহত এজন, জখলাবন্ধাতো বন্যহস্তীৰ উপদ্ৰৱ ...

কলিয়াবৰৰ এক নং সৰিয়হবাৰীত বন্যহস্তীৰ আক্ৰমণত নিহত এজন, জখলাবন্ধাতো বন্যহস্তীৰ উপদ্ৰৱ ...

কলিয়াবৰত অব্যাহত বন্যহস্তীৰ ত্ৰাস। কলিয়াবৰৰ ১নং সৰিয়হবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন। নিহত লোকজনৰ নাম উপেন কলিতা।

কলিয়াবৰত অব্যাহত বন্যহস্তীৰ ত্ৰাস। কলিয়াবৰৰ ১নং সৰিয়হবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন। নিহত লোকজনৰ নাম উপেন কলিতা।

  • Share this:
কলিয়াবৰত অব্যাহত বন্যহস্তীৰ ত্ৰাস। মঙ্গলবাৰে নিশা কলিয়াবৰৰ ১নং সৰিয়হবাৰীত বনৰীয়া  হাতীৰ আক্ৰমণত নিহত এজন। নিহত লোকজনৰ নাম উপেন কলিতা।

নিশা লোকজনৰ বাসগৃহ চৌহদত থকা কঠাল গছৰ পৰা কঠাল খাই আছিল এটা বন্যহস্তীয়ে।  নিশা হতীৰ উপদ্ৰৱত অঞ্চলটো হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱাত লোকজন আন্ধাৰত বাহিৰলৈ ওলাই অহাৰ সময়তে আক্ৰমণ কৰে বনৰীয়া হাতীটোৱে। ফলত থিতাতে নিহত হয় উপেন কলিতা নামৰ ৫০ বছৰীয়া লোকজন। দীৰ্ঘদিন ধৰি অঞ্চলটোত প্ৰায়েই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহাৰ পিচতো বনবিভাগৰ নীৰৱ ভুমিকাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰে স্থানীয় ৰাইজে।

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে বিগত চাৰি-পাঁচ দিন ধৰি জখলাবন্ধাৰ বৰহোলা অঞ্চলত ধান খেতি খাই নষ্ট কৰি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। পৰবৰ্তী সময়ত জখলাবন্ধা বনখণ্ডৰ বনকৰ্মীৰ দলে হাতীটোক  কাজিৰঙালৈ খেদি পঠিয়াবলৈ সক্ষম হয়।

শেহতীয়া বাতৰি