হোজাইত বনাঞ্চল এৰি জনাঞ্চলত সোমাল বনৰীয়া হাতীৰ জাক। হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী থেপেলাগুড়িৰ গড়কপ্টানী পথত মুক্ত বিচৰণ ৩০টা হাতীৰ এটা দলৰ। খাদ্যৰ সন্ধানত প্ৰায়েই কাষৰীয়া জনাঞ্চলত প্ৰৱেশ কৰে হাতীৰ জাকে। বনাঞ্চলৰ পৰা দুষ্কৃতিকাৰীয়ে হাতীৰ জাকক খেদি পঠিয়াই বুলিও অভিযোগ তুলিছে একাংশই। উৎকট গৰমৰ পৰা সকাহ পাবলৈ হাতীৰ বৃহৎ জাকটোৰ সমীপৱৰ্তী বিলত জলকেলি। এই নান্দনিক দৃশ্যই সকলোকে আনন্দ দিয়ে যদিও পৰৱৰ্তী সময়ত বন্যহস্তীৰ দুটাকৈ জাকক স্থানীয় লোকে খেদি পঠিয়াই।
গড়কাপ্তানী পথত বহু সময় হাতীৰ জাকে অৱস্থান কৰাত যাতায়ত ব্যাহত হয় পৰে। চাওক এই ভিডিঅ’:
Published by: Dulu Medhi
FIRST PUBLISHED : May 07, 2019, 11:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।