খাদ্যৰ সন্ধানত ওলাই অহা এজাক বন্যহস্তীয়ে বৃহস্পতিবাৰৰ দিনটো কলিয়াবৰৰ কেইবাখনো গাঁৱত বিচৰণ কৰি উপদ্ৰৱ চলাই।
খাদ্যৰ সন্ধানত ওলাই অহা এজাক বন্যহস্তীয়ে বৃহস্পতিবাৰৰ দিনটো কলিয়াবৰৰ কেইবাখনো গাঁৱত বিচৰণ কৰি উপদ্ৰৱ চলাই।
কলিয়াবৰত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বানপানীত আক্ৰান্ত কলিয়াবৰৰ তিনি নং বৰঘূলিত বনৰীয়া হাতীয়ে শুকুৰবাৰে কাহিলি পুৱাতে চলালে তাণ্ডৱ। বনৰীয়া হাতীয়ে তিনি নং বৰঘূলিত কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। মহাবাহু ব্ৰহ্মপুত্ৰ বাঢ়নী পানীৰ কবলত পৰা লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে বৰঘূলি অঞ্চলত অৱস্থান গ্ৰহণ কৰাক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
আনহাতে, খাদ্যৰ সন্ধানত ওলাই অহা এজাক বন্যহস্তীয়ে বৃহস্পতিবাৰৰ দিনটো কলিয়াবৰৰ কেইবাখনো গাঁৱত বিচৰণ কৰি উপদ্ৰৱ চলাই। কেইবাখনো গাঁও বিচৰণ কৰাৰ পিচত কলিয়াবৰৰ মিলন নগৰৰ কলঙৰ কাষৰ হাবিত আশ্ৰয় লয় বন্যহস্তীৰ জাকটোৱে। কলঙৰ পাৰৰ হাবিত আশ্ৰয় লোৱা হাতীৰ জাকটো বন বিভাগে বৃহস্পতিবাৰে সন্ধিয়া খেদি পঠাবলৈ সক্ষম হয়। সেই স্থান ত্যাগ কৰি হাতীৰ জাকটোৱে নিশাৰে পৰা বৰঘূলি অঞ্চলত অৱস্থান কৰি কাহিলী পুৱাই চলালে তাণ্ডৱ।
উল্লেখ্য যে, বানপানীৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ভোকাতুৰ বন্যহস্তীৰ জাকে এতিয়া উপদ্ৰৱ চলাইছে সমগ্ৰ কলিয়াবৰতে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|