• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘লাডেন’ৰ পৰা ‘কৃষ্ণ’ হ’ল, কি হ’ব কৃষ্ণৰ নতুন ঠিকনা?

‘লাডেন’ৰ পৰা ‘কৃষ্ণ’ হ’ল, কি হ’ব কৃষ্ণৰ নতুন ঠিকনা?

বনৰীয়া কৃষ্ণক এতিয়া পোহনীয়া কৰা হ’ব। ‘কৃষ্ণ’ক প্ৰশিক্ষণ দিব চাৰিটা কুনকী হাতীয়ে।

বনৰীয়া কৃষ্ণক এতিয়া পোহনীয়া কৰা হ’ব। ‘কৃষ্ণ’ক প্ৰশিক্ষণ দিব চাৰিটা কুনকী হাতীয়ে।

বনৰীয়া কৃষ্ণক এতিয়া পোহনীয়া কৰা হ’ব। ‘কৃষ্ণ’ক প্ৰশিক্ষণ দিব চাৰিটা কুনকী হাতীয়ে।

  • Share this:
    দীৰ্ঘদিন ধৰি গোৱালপাৰাত সন্ত্ৰাস চলোৱা কৃষ্ণ বন্দী হ’ল। দুধনৈত সন্ত্ৰাস চলাই বহু লোকক হত্যা কৰা কৃষ্ণৰ ভৰিত এতিয়া শিকলি। মঙলবাৰে কৃষ্ণক দুধনৈৰ পৰা স্থানান্তৰ কৰা হয়। এতিয়া ‘কৃষ্ণ’ৰ নতুন ঠিকনা হ’ব দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

    আগৰ দৰে কৃষ্ণ এতিয়া মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিব নোৱাৰিব। সন্ত্ৰাস চলাব নোৱাৰিব জনাঞ্চলত। PCCF এম কে যাদৱে ক’লে – কোনো কাৰণত মুক্ত বিচৰণ কৰিবলৈ দিয়া নহয় ‘কৃষ্ণ’ক।

    বনৰীয়া কৃষ্ণক এতিয়া পোহনীয়া কৰা হ’ব। ‘কৃষ্ণ’ক প্ৰশিক্ষণ দিব চাৰিটা কুনকী হাতীয়ে। প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব ফান্দী ডিম্বেশ্বৰ দাসে। প্ৰশিক্ষণৰ পূৰ্বে কৃষ্ণক কৰা হ’ব চিকিৎসা। কাৰণ কৃষ্ণৰ দেহত আছে বহুকেইটা আঘাতৰ চিন।

    ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৃষ্ণৰ প্ৰশিক্ষণৰ বাবে কৰা হৈছে সকলো ব্যৱস্থা। তাতেই প্ৰশিক্ষণ দি পোহনীয়া কৰি তোলা হ’ব কৃষ্ণক। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি দুধনৈত সন্ত্ৰাস চলাই অহা ‘লাডেন’ নামেৰে পৰিচিত হাতীটোক বশীভূত কৰাৰ পিছতে নাম দিয়া হৈছিল ‘কৃষ্ণ’।
    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
    First published: