News18 AssamNews18 Assam
|
News18-Assam Updated:September 21, 2020, 2:36 PM IST
হাতীৰ উপদ্ৰৱ ৰোধ কৰাত খেৰণি বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
হাতীৰ উপদ্ৰৱ ৰোধ কৰাত খেৰণি বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
পশ্চিম কাৰ্বি আংলং জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা হাৱাইপুৰ জিৰিবাচা কাৰ্বি গাঁৱত হাতীৰ আক্ৰমণত থিতাতে নিহত হয় এজন লোক। মৃতদেহটো মাইলু উপ–আৰক্ষী চকীৰ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অঞ্চলটোত দীর্ঘদিনৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীয়ে চলাই আহিছে তাণ্ডৱ। কিন্তু হাতীৰ উপদ্ৰৱ ৰোধ কৰাত খেৰণি বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
Published by:
Sanjay Kumar Das
First published:
September 21, 2020, 2:36 PM IST