গুৱাহাটীৰ বশিষ্ঠ অঞ্চলত নিশা বন্যহস্তীৰ মুক্ত বিচৰণ। বশিষ্ঠৰ ইন্দিৰা নগৰ, বৈকুণ্ঠপুৰ অঞ্চলত ঘূৰি ফুৰে হাতীটোৱে। নিশা ২ বজাৰ পৰা স্থানীয় লোকে তাল বজাই, ফটকা ফুটাই হাতীটো খেদি পঠিওৱাৰ চেষ্টা চলায়। বৰ্তমান গড়ভঙা পাহাৰত আশ্ৰয় লৈছে হাতীটোৱে। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীটোৱে অৱশ্যে কোনো অনিষ্ট কৰা নাই। পূৰ্বেও অঞ্চলটোত বিচৰণ কৰিছিল বন্যহস্তীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 11, 2019, 08:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।