মহানগৰীৰ সমীপৱৰ্তী ৰাণী উদয়পুৰত জীৱশ্ৰেষ্ঠ মানুহৰ হাতত পুনৰ প্ৰাণ গ’ল বন্যহস্তীৰ। কিছুসংখ্যক কৃষকে এই বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবেই নিজৰ খেতিডৰাত সংগোপনে সংযোগ কৰিছিল বৈদ্যুতিক তাঁৰ। এই তাঁৰত লাগিয়ে মৃত্যুক সাবটি লয় হাতীটোৱে।
ৰাণী সংৰক্ষিত বনাঞ্চলৰ অসম-মেঘালয় সীমান্তৰ উদয়পুৰত খেতিপথাৰত সংঘটিত হয় এই কৰুণ ঘটনা। ধাননি পথাৰত বৈদ্যুতিক তাঁৰ সংযোগ কৰি থোৱাৰ ফলতেই কৰুণ ঘটনা সংঘটিত হয়। কিছু সংখ্যক কৃষকে এই বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবেই নিজৰ খেতিডৰাত সংগোপনে সংযোগ কৰিছিল বৈদ্যুতিক তাঁৰ। যাৰ ফলত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ কৰুণ মৃত্যু হয়।
ঘটনাস্থলীত ৰাণী বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ খেতিপথাৰত অবৈজ্ঞানিকভাৱে বিদ্যুতৰ তাঁৰ সংযোগ কৰাৰ অপৰাধত দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে। লোক দুজন পিতা–পুত্ৰ ৰামেশ্বৰ কলিতা আৰু গৌতম কলিতা। পৰৱৰ্তী সময়ত পশু চিকিৎসকৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ মৃত হাটীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|