• Home
  • »
  • News
  • »
  • assam
  • »
  • দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়ীদিহিং নৈত মৃত হাতী পোৱালি উদ্ধাৰ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়ীদিহিং নৈত মৃত হাতী পোৱালি উদ্ধাৰ

পুৱা স্থানীয় কেইজনমান যুৱকে জয়পুৰ নগাঘাট অঞ্চলত মৃত হাতীটো বুঢ়ীদিহিং নৈত উপঙি থকা প্ৰত্যক্ষ কৰি জয়পুৰ বন বিভাগক খবৰ দিয়ে।

  • Share this:
সদ্যঘোষিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ যোৱা বুঢ়ীদিহিং নৈত এটা মৃত দঁতাল হাতী পোৱালি উদ্ধাৰক কেন্দ্ৰ কৰি এক চাঞ্চল্যৰ সৃষ্টি হয় জয়পুৰ অঞ্চলত। জানিব পৰা মতে, পুৱা স্থানীয় কেইজনমান যুৱকে জয়পুৰ নগাঘাট অঞ্চলত মৃত হাতীটো বুঢ়ীদিহিং নৈত উপঙি থকা প্ৰত্যক্ষ কৰি জয়পুৰ বন বিভাগক খবৰ দিয়ে। স্থানীয় যুৱককেইজনৰ খবৰৰ ভিত্তিত জয়পুৰ আঞ্চলিক বন বিষয়াগৰাকী ঘটনাস্থলীত উপস্থিত হৈ বনকৰ্মী আৰু স্থানীয় ৰাইজৰ সহযোগত হাতীটো নদীৰ পৰা উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

ইফালে চিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈয় হাতীটোৰ মৰোণোত্তৰ পৰীক্ষাৰ কাম আৰম্ভ কৰি প্ৰাথমিক পৰ্যায়ত ওখ পাহাৰৰ পৰা পিছলি নৈখনত পৰাত আঘাতপ্ৰাপ্ত হৈয় হাতীটো মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে হাতীটোৰ বয়স অনুমানিক বাৰৰ পৰা পোন্ধৰ বছৰ বয়সৰ হব বুলি চিকিৎসকৰ দলটোৱে জানিবলৈ দিয়ে। ১০ ইঞ্চি দাঁত থকা দঁতাল হাতীটোৰ দেহত কোনো ধৰণৰ আঘাতৰ চিন নাই যদিও মৰোণোত্তৰ পৰীক্ষাৰ পিছতহে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হ’ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি