কঁঠাল খাবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু গজৰাজৰ

শালনা চাহবাগিচাৰ লেংটেং শাখাৰ আমগুৰিৰ ১১ নম্বৰ লাইনৰ নৰসিং লোহাৰ নামৰ লোকজনৰ বাৰীত থকা কঁঠালজোপাত সংযোগ হৈ আছিল এটা বৈদ্যুতিক বাল্ব।
শালনা চাহবাগিচাৰ লেংটেং শাখাৰ আমগুৰিৰ ১১ নম্বৰ লাইনৰ নৰসিং লোহাৰ নামৰ লোকজনৰ বাৰীত থকা কঁঠালজোপাত সংযোগ হৈ আছিল এটা বৈদ্যুতিক বাল্ব।
- News18 Assam
- Last Updated: July 28, 2020, 11:59 PM IST
উত্তৰাঞ্চল শালনা বনাঞ্চলৰ অন্তৰ্গত দিজু সংৰক্ষিত বনাঞ্চলৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই আহি কঁঠাল গছজোপাৰ পৰা কঁঠাল খাবলৈ চেষ্টা চলাওতেই বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহে হাতীটো। কিছু সময়ৰ পিছতে গছজোপাৰ তলতে ঢলি পৰি কৰুণ মৃত্যুক সাবটি লয় বনৰীয়া হাতীটোৱে।
শালনা চাহবাগিচাৰ লেংটেং শাখাৰ আমগুৰিৰ ১১ নম্বৰ লাইনৰ নৰসিং লোহাৰ নামৰ লোকজনৰ বাৰীত থকা কঁঠালজোপাত সংযোগ হৈ আছিল এটা বৈদ্যুতিক বাল্ব। খাদ্যৰ সন্ধাত অহা বন্যহস্তীটোৱে কঁঠাল খাবলৈ লওঁতেই চিঙি পৰে বৈদ্যুতিক বাল্ব সংলগ্ন বিদ্যুৎ পৰিবাহী তাঁৰডাল। ফলত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ঘটে বন্যহস্তীটোৰ। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বন বিভাগে সমাধিস্থ কৰে মৃত হাতীটো।