হোজাইত খাদ্যৰ সন্ধানত ওলাই আহি মৃত্যুমুখত পৰিছে এটা বনৰীয়া হাতী। নন্দপুৰ চাৰিআলিৰ সমীপত আজি পুৱা মৃত্যু হৈছে মাইকী বনৰীয়া হাতীটোৰ। ১১ হাজাৰ ভ'ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হৈছে হাতীটোৰ।
ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।উল্লেখযোগ্য যে উক্ত অঞ্চলত বিগত কিছুদিনৰ পৰা বনৰীয়া হাতীয়ে নিতৌ তাণ্ডৱ চলাই আহিছিল যদিও হাতীৰ তাণ্ডৱ ৰোধ কৰাৰ বাবে বন বিভাগে লোৱা নাছিল ব্যৱস্থা।
মুঠৰ ওপৰত বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে হাতীটোৱে কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ উঠিছে অভিযোগ। আনহাতে হাতীৰ মৃত্যুক লৈ প্ৰকৃতি প্ৰেমীৰ মাজতো দেখা গৈছে প্ৰতিক্ৰিয়াৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|