• Home
  • »
  • News
  • »
  • assam
  • »
  • Wild Elephant Died : ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ কৰুণ মৃত্যু, খাদ্য বিষক্ৰিয়া হৈ মৃত্যু হোৱাৰ সন্দেহ

Wild Elephant Died : ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ কৰুণ মৃত্যু, খাদ্য বিষক্ৰিয়া হৈ মৃত্যু হোৱাৰ সন্দেহ

বনৰীয়া হাতীৰ এটা বৃহৎ জাকে সীমান্ত অঞ্চলটোত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে ৷

বনৰীয়া হাতীৰ এটা বৃহৎ জাকে সীমান্ত অঞ্চলটোত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে ৷

বনৰীয়া হাতীৰ এটা বৃহৎ জাকে সীমান্ত অঞ্চলটোত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে ৷

  • Share this:

বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷ জিলাখনৰ বাতাবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত শান্তিপুৰত সংঘটিত হৈছে এই ঘটনা ৷


আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল এটা অসুস্থ মাইকী হাতী ৷ পিছত বন বিভাগৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় জিলা বন বিষয়াসহ বন বিভাগৰ লোক ৷


বন বিভাগ আৰু স্থানীয় লোকে অসুস্থ হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰে যদিও সাৱটি লয় কৰুণ মৃত্যুক ৷ বনৰীয়া হাতীটোৰ মৃত্যু কিদৰে হৈছে সেয়া বৰ্তমানলৈ নিশ্চিত নহয় যদিও খাদ্য বিষক্ৰিয়া হৈ মৃত্যু হোৱাৰ সন্দেহ বন বিষয়াৰ ৷


উল্লেখ্য যে বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে সীমান্ত অঞ্চলটোত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে ৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি