உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Man-Elephant Conflict : নুমলীগড়ত অব্যাহত হাতী-মানুহৰ ভয়াৱহ সংঘাত, ধাননি পথাৰত বিদ্যুৎস্পৃষ্ট মাইকী হাতীৰ কৰুণ মৃত্যু

    Man-Elephant Conflict : নুমলীগড়ত অব্যাহত হাতী-মানুহৰ ভয়াৱহ সংঘাত, ধাননি পথাৰত বিদ্যুৎস্পৃষ্ট মাইকী হাতীৰ কৰুণ মৃত্যু

    Man-Elephant Conflict : নুমলীগড়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰায় পোৱালী সহ ৭০-৮০টা হাতীৰ বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ।

    Man-Elephant Conflict : নুমলীগড়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰায় পোৱালী সহ ৭০-৮০টা হাতীৰ বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ।

    Man-Elephant Conflict : নুমলীগড়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰায় পোৱালী সহ ৭০-৮০টা হাতীৰ বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ।

    • Share this:
    নুমলীগড়ৰ ভিন্ন প্ৰান্তত প্ৰত্যেক দিনাই অব্যাহত আছে বন্যহস্তী আৰু মানুহৰ ভয়াৱহ সংঘাত (Man-Elephant Conflict)। ইয়াৰে কৰুণ পৰিণতিত মৰঙী ঢলাগাঁও পথাৰৰ মাজত বিদ্যুৎস্পৃষ্ট হৈ এজনী প্ৰাপ্ত বয়স্ক মাইকী হাতীৰ কৰুণ মৃত্যু (Elephant Death) হয়।

    নিতৌ অঞ্চলটোত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰায় পোৱালী সহ ৭০-৮০টা হাতীৰ বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ। আজিও হাতীৰ জাকটোৱে ধাননি পথাৰৰ মাজত বিচৰণ কৰি থকাৰ সময়তে পথাৰৰ মাজেৰে পাৰ হৈ যোৱা 11KV বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক আঁকোৱালি লয় এজনী মাইকী হাতীয়ে।

    ইফালে হাতীৰ জাকটোৱে অঞ্চলটোৰ কৃষকৰ শালি ধানৰ খেতি খাই-গছকি তহিলং কৰি আহিছে দীৰ্ঘদিনে। বাৰম্বাৰ বন বিভাগ তথা চৰকাৰ প্ৰশাসনক এই সংঘাতৰ কথা জনাই অহাৰ পিছতো কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰ তথা বন বিভাগে। যাৰ বাবেই কোনোবা দিন যদি বন্যহস্তীৰ মৃত্যু হৈছে আন কোনোবাদিনা আকৌ হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে মানুহে।

    আন হাতে আজি পুৱাৰ পৰা হাতীৰ জাকটো পথাৰৰ মাজৰ পৰা ওলাই গৈ অৱস্থান কৰি আছে কাষেৰে এখন চাহ বাগিচাত।
    Published by:Manjumoni Borah
    First published: