মৰিয়নীত পুনৰ ৰে'লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু। গিবন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰে'লপথৰ ৩৭৫৩ নম্বৰৰ খুটাৰ সমীপত সংঘটিত হৈছে এই কৰুণ ঘটনা। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই যোৱা বন্যহস্তীৰ জাকটোৱে ৰে'ল পথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰা সময়তে নিশা প্ৰায় ১০.৪৫ বজাত ১৫৯৬০ নম্বৰৰ নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় বন্যহস্তীটোৰ।
প্ৰায় ৬-৭ বছৰীয়া বন্যহস্তীটোক দ্ৰুতবেগী ৰে'লখনে প্ৰায় ৫০ মিটাৰ চোঁচোৰাই নিয়ে। ৰে'ল বিভাগৰ চৰম গাফিলতিৰ বাবেই বন্যহস্তীটোৱে মৃত্যুক আকোঁৱালি লোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰে'ল পথছোৱাত বন্যহস্তীৰ অৱস্থানৰ বিষয়ে ৭.৪৫ বজাত বন বিভাগৰ হস্তী কৰিডৰত কৰ্তব্যত নিয়োজিত বনকৰ্মীয়ে ৰে'ল বিভাগৰ নিয়ন্ত্ৰণ কক্ষক অৱগত কৰিছিল। ইয়াৰ পিছতো কামৰূপ এক্সপ্ৰেছখনৰ চালকে গতিবেগ নিয়ন্ত্ৰণ নকৰা ফলতে পুনৰ এটা বন্যহস্তীয়ে মৃত্যুক আকোৱালি ল'বলগীয়া হয়।
উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত স্থানত বন্যহস্তীৰ কেইবাটাও কৰিডৰ থকা লগতে উক্ত স্থানতে পূৰ্বে ৪টা বন্যহস্তী দ্ৰুতবেগী ৰে'লৰ খুন্দাত মৃত্যুক আকোঁৱালি লৈছিল। যোৱা বছৰৰ অক্টোবৰ ৯ তাৰিখে নিশাও তিনিটাকৈ বন্যহস্তী দ্ৰুত বেগী ৰে'লৰ খুন্দাত কৰুণ মৃত্যু হৈছিল। মনকৰিবলগীয়া যে, গিৱন অভয়াৰণ্য মাজেৰে ৰে'লৰ গতিবেগ ৩০ কিলমিটাৰ নিৰ্দিষ্ট কৰা আছে যদিও ৰে'ল বিভাগৰ লক পাইলটে এই নিৰ্দেশ পালন নকৰা বাবেই অভয়াৰণ্য মাজেৰে যোৱা ৰে'ল পথছোৱাত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|