• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত ৰে’লৰ খুন্দাত দুটাকৈ হাতীৰ কৰুণ মৃত্যু

হোজাইত ৰে’লৰ খুন্দাত দুটাকৈ হাতীৰ কৰুণ মৃত্যু

হাতী অহা–যোৱাৰ বাট হিচাপে পূৰ্বৰ পৰা চিনাক্ত আছিল ঠাইডোখৰ।

হাতী অহা–যোৱাৰ বাট হিচাপে পূৰ্বৰ পৰা চিনাক্ত আছিল ঠাইডোখৰ।

হাতী অহা–যোৱাৰ বাট হিচাপে পূৰ্বৰ পৰা চিনাক্ত আছিল ঠাইডোখৰ।

  • Share this:
হোজাইত ৰে’লৰ খুন্দাত পুনৰ মৃত্যু হৈছে দুটা হাতীৰ। লামচাখং আৰু পাথৰ খোলাৰ মাজৰ ৰে’লপথত সংঘটিত হৈছে এই ঘটনা। উজনিমুৱা মালবাহী ৰে’লৰ খুন্দাত মৃত্যু হৈছে এজনী মাইকী হাতী আৰু এটা পোৱালি মতা হাতীৰ। ঘটনাস্থলীত ডি এফ অ’ পুলক চৌধুৰী, এ চি এফ চম্পক ডেকা উপস্থিত হৈ চলাই আছে তদন্ত।

উল্লেখযোগ্য যে হাতী অহা–যোৱাৰ বাট হিচাপে পূৰ্বৰ পৰা চিনাক্ত আছিল ঠাইডোখৰ। সেই ঠাইৰে ৰে’ল যাওঁতে ৰে’লৰ গতিবেগ হ্ৰাস হ’ব লাগিছিল যদিও সেয়া নোহোৱাত হাতী দুটাৰ কৰুণ মৃত্যু হোৱা বুলি উঠিছে অভিযোগ।
Published by:Sanjay Kumar Das
First published: