• Home
  • »
  • News
  • »
  • assam
  • »
  • Wild Elephant : বোকাত আবদ্ধ হৈ মৃত্যুবৰণ গজৰাজৰ, নিৰ্বিকাৰ হোজাই বন বিভাগ

Wild Elephant : বোকাত আবদ্ধ হৈ মৃত্যুবৰণ গজৰাজৰ, নিৰ্বিকাৰ হোজাই বন বিভাগ

বহু সময়লৈকে সেই স্থানত বন বিভাগৰ লোক উপস্থিত নোহোৱাত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বহু সময়লৈকে সেই স্থানত বন বিভাগৰ লোক উপস্থিত নোহোৱাত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বহু সময়লৈকে সেই স্থানত বন বিভাগৰ লোক উপস্থিত নোহোৱাত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

  • Share this:
হোজাই জিলাৰ লংকাত বোকাত আবদ্ধ হৈ এটা গজৰাজে মৃত্যুক আঁকোৱালি লোৱাত সৃষ্টি হৈছে চাঞ্চল‍্যৰ। জানিব পৰা মতে, লংকাৰ সমীপৰ অক্লান্ত গাঁৱৰ কপিলী নদীৰ মথাউৰিৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ হৈছে হাতীটো। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি ওভতাৰ পথত বোকাত আবদ্ধ হৈ  হাতীটোৰ  কৰুণ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে বিগত কিছুদিন ধৰি উক্ত অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছিল বনৰীয়া হাতীৰ তাণ্ডৱ। কিন্তু এইক্ষেত্ৰত বন বিভাগে বনৰীয়া হাতীৰ তাণ্ডৱ ৰোধ কৰাত হৈছিল ব্যৰ্থ। ইয়াৰ মাজতে শনিবাৰে  এটা হাতী বোকাত আবদ্ধ হৈ অঞ্চলটোত মৃত্যুবৰণ কৰাৰ পিছতো  বহু সময়লৈকে সেই স্থানত বন বিভাগৰ লোক উপস্থিত নোহোৱাত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ (Wild Elephant died due to mud)।

অৱশেষত পলমকৈ উপস্থিত হোৱা বন বিভাগৰ লোকে হাতীটো সেই স্থানত সমাধিস্থ কৰে। হোজাইৰ বন সুৰক্ষা বাহিনীৰ বিষয়া-কৰ্মচাৰীয়ে দায়িত্বৰ প্ৰতি পিঠি দিয়াৰ বাবে লস্কৰপথাৰ ,মইনাপুৰ অঞ্চলত গছৰ চোৰাং বেহা পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাইছে বুলিও ৰাইজে কৰিছে অভিযোগ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি