মৰিয়নীত গজৰাজে ভাঙিলে নামঘৰৰ মণিকুট, লণ্ডভণ্ড কৰিলে গুৰু আসন

News18 Assam | News18-Assam
Updated:October 27, 2020, 5:12 PM IST
মৰিয়নীত গজৰাজে ভাঙিলে নামঘৰৰ মণিকুট, লণ্ডভণ্ড কৰিলে গুৰু আসন
সমগ্ৰ নামঘৰটো এক ধ্বংসস্তুপলৈ পৰিণত কৰে হাতীৰ জাকটোৱে।

সমগ্ৰ নামঘৰটো এক ধ্বংসস্তুপলৈ পৰিণত কৰে হাতীৰ জাকটোৱে।

  • Share this:
মৰিয়নীত ভয়াৱহ ৰূপ লৈছে হস্তী–মানুহৰ সংঘাতে। মৰিয়নীৰ পুখুৰীয়া গাঁৱত বন্যহস্তীয়ে নামঘৰৰ মণিকূট ভাঙি, গুৰু আসন লণ্ডভণ্ড কৰি তাণ্ডৱৰ সৃষ্টি কৰে। গিবন অভয়াৰণ্যৰ পৰা নিশা ওলাই অহা ৪০টা হাতীৰ এটা জাকে পুখুৰীয়া গাঁৱৰ ১২৫ বছৰীয়া পুৰণি ঐতিহাসিক বৰনামঘৰৰ পকী মনিকূটটো ভাঙি লণ্ডভণ্ড কৰাৰ লগতে গুৰু আসনখন ভাঙি বাহিৰলৈ দলিয়াই দিয়ে।

সমগ্ৰ নামঘৰটো এক ধ্বংসস্তুপলৈ পৰিণত কৰে হাতীৰ জাকটোৱে। উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা মৰিয়নীৰ বিভিন্ন অঞ্চলৰ লগতে পুখুৰীয়া গাঁৱতো হাতীয়ে ঘৰ–দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে পথাৰৰ বিঘাই বিঘাই পকাধান অনিষ্ট কৰাত নিদ্ৰাহীন নিশা কটাবলগীয়া হৈছে গাঁওবাসীয়ে।

আনহাতে, পুৱা নামঘৰত গাঁৱৰ পুৰুষ–মহিলাসকল উপস্থিত হৈ ধ্বংসস্তুপত পৰিণত হোৱা নামঘৰৰ মণিকূট আৰু গুৰু আসনখন নামঘৰৰ বাহিৰত ভাগি চূৰ্ণ–বিচূৰ্ণ অৱস্থাত পৰি থকা দেখি উচুপি উঠে। নামঘৰৰ মনিকূটত থকা পুৰণি সাঁচিপতীয়া পুথি থকা বাকচটো হস্তীৰ জাকটোৱে ভাঙি চুৰমাৰ কৰে যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে ডেৰশবছৰীয়া আপুৰুগীয়া সাঁচিপাতৰ পুথিসমূহ।

ইফালে, মঙলবাৰে পুখুৰীয়া নামঘৰত হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি অদৃশ্য শক্তিৰ শৰণাপন্ন হয় গাঁওবাসী। ইফালে মৰিয়নীত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে। আওপুৰণি বন্দুকৰ গুলী নুফুটাৰ বাবে হাতীজাকটোক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বুলি বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে পুখুৰীয়া গাঁওবাসীয়ে।
Published by: Sanjay Kumar Das
First published: October 27, 2020, 5:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading