মুখ্যপৃষ্ঠা »খবৰ »অসম »Numaligarh: নুমলীগড়ত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ, মূৰত স্পষ্ট আঘাতৰ চিনক লৈ গুলীয়াই হত্যা কৰাৰ সন্দেহ

Numaligarh: নুমলীগড়ত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ, মূৰত স্পষ্ট আঘাতৰ চিনক লৈ গুলীয়াই হত্যা কৰাৰ সন্দেহ

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত হাতীটো নিৰীক্ষণ কৰি অব্যাহত ৰাখিছে তদন্ত।

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত হাতীটো নিৰীক্ষণ কৰি অব্যাহত ৰাখিছে তদন্ত।

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত হাতীটো নিৰীক্ষণ কৰি অব্যাহত ৰাখিছে তদন্ত।

  • Share this:
নুমলীগড়ত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। মৃত হাতীটোৰ মূৰৰ অংশত তিনিটাকৈ আঘাতৰ চিন স্পষ্ট হোৱাক লৈ এই চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় লোকে হাতীটোক গুলীয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে।

নুমলীগড়ৰ (Numaligarh) ৰংবঙৰ গুটিবাৰী  অঞ্চলত উদ্ধাৰ হয় বন্যহস্তীটোৰ মৃতদেহ। স্থানীয় লোকৰ মতে, কোনো দুষ্কৃতিকাৰীয়ে  নিশা গুলীয়াই হত্যা কৰে বন্যহস্তীটোক। ইফালে নিশা সমগ্ৰ অঞ্চলটোত এটা হাতীৰ জাকে ওৰেনিশা উপদ্ৰৱ চলাই আছিল। স্থানীয় বন বিভাগৰ দলে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰিও বিফল হয় ।

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত হাতীটো (Wild Elephant) নিৰীক্ষণ কৰি অব্যাহত ৰাখিছে তদন্ত। কিন্তু বৰ্তমান পৰ্যন্ত চিকিৎসকৰ দল আহি উপস্থিত হোৱা নাই ঘটনাস্থলীত। আজি কেইবাদিনো ধৰি অঞ্চলটোত বিচৰণ কৰি আছিল হাতীৰ এটা জাকে। আনহাতে পূৰ্বতে গোলাঘাট জিলাত এনেধৰণৰ ঘটনা বহুকেইটা সংঘটিত হৈ আহিছে।

শেহতীয়া বাতৰি