হাতীৰ জাকৰ আক্ৰমণত আহত এজন শ্ৰমিক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
হাতীৰ জাকৰ আক্ৰমণত আহত এজন শ্ৰমিক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
চৰাইদেউ জিলাৰ সোণাৰিত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। উল্লেখযোগ্য যে নিশা নমা মাত্ৰকেই অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য বিচাৰি সোণাৰি নগৰৰ লগতে দাঁতি-কাষৰীয়া বিভিন্ন উপকণ্ঠ অঞ্চললৈ ঢাপলি মেলা এটা বনৰীয়া হাতীৰ জাকে পথত মুকলিকৈ বিচৰণ কৰাত স্থানীয় জনতা আতংকিত হৈ পৰিছে ।
হাতীৰ জাকটোৰ আক্ৰমণত এজন শ্ৰমিক গুৰুতৰ ভাবে আহত হৈ সম্প্ৰতি সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী মতে বিয়লি প্ৰায় পাঁচ বজাত সোণাৰি নগৰৰ সমীপৱৰ্তী টাউকাক চাহ বাগিচাৰ কৰ্মৰত শ্ৰমিক জোনাছ ওৰাং নামৰ যুৱকজনে নিজৰ কাম সমাপন কৰি নামতোলা অশ্বিনীবিলৰ ঘৰলৈ গৈ থকা অৱস্থাত হাতীৰ জাকটোৰ মুখামুখি হয় । পাছত হাতীৰ জাকটোৰ মাজৰ পৰা এটা প্ৰকাণ্ড হাতীয়ে যুৱকজনক খেদি খেদি গৈ আক্ৰমণ কৰি তাৰ পৰা আঁতৰি যায় । পাছত তাত উপস্থিত থকা আন আন লোকসকলে যুৱকজনক ততালিকে চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও আক্ৰমণত সৰ্ব শৰীৰত আঘাত পোৱাত চিকিৎসকে তেওঁক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|