মুখ্যপৃষ্ঠা »খবৰ »অসম »সোণাৰিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত দুজন; চাহ বাগিচাসহ কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত

সোণাৰিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত দুজন; চাহ বাগিচাসহ কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত

এই ঘটনা চৰাইদেউ জিলাৰ সোণাৰিৰ ওচৰৰ মঞ্জুশ্ৰী চাহ বাগিচাত সংঘটিত হৈছিল

এই ঘটনা চৰাইদেউ জিলাৰ সোণাৰিৰ ওচৰৰ মঞ্জুশ্ৰী চাহ বাগিচাত সংঘটিত হৈছিল

  • Share this:
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। সোমবাৰে চৰাইদেউ জিলাত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোক নিহত হয়। এই ঘটনা চৰাইদেউ জিলাৰ সোণাৰিৰ ওচৰৰ মঞ্জুশ্ৰী চাহ বাগিচাত সংঘটিত হৈছিল। বন বিষয়াসকলৰ মতে, বনৰীয়া হাতীয়ে অঞ্চলটোৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত কৰে।

সোণাৰিৰ এগৰাকী বন বিষয়া হাইদাৰ আলীয়ে সংবাদ সংস্থা এএনআইক কয় যে, বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত অঞ্চলটোত প্ৰৱেশ কৰিছিল আৰু ইহঁতৰ আক্ৰমণৰ ফলত দুজন লোক নিহত হৈছিল। বন বিষয়াজনে কয় যে, ‘‘বনৰীয়া হাতীৰ জাকটো ওচৰৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল।’’

উল্লেখ্য যে, ১৫ ডিচেম্বৰত গোৱালপাৰা জিলাত বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰাৰ ফলত এটা শিশুসহ তিনিজন লোক নিহত হৈছিল আৰু আন দুজন লোক আহত হৈছিল। হাতীয়ে দুখন বাহনো ক্ষতিগ্ৰস্ত কৰিছিল। ঘটনাটো লখিপুৰ বন পৰিসৰৰ লখিপুৰ-আগিয়া পথত সংঘটিত হৈছিল।

বিগত ৭ ডিচেম্বৰত গোৱালপাৰা জিলাত বনৰীয়া হাতীয়ে আক্ৰমণ কৰাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে এটা হাতী বিদ্যুৎস্পৃষ্ট হৈছিল।

শেহতীয়া বাতৰি