মাকে এৰি থৈ গ’ল দুটা কণমানি পোৱালি, বিভাগেও নল’লে দায়িত্ব

News18 Assam | News18-Assam
Updated:April 29, 2020, 6:22 PM IST
মাকে এৰি থৈ গ’ল দুটা কণমানি পোৱালি, বিভাগেও নল’লে দায়িত্ব
লতামাকৰিৰ পোৱালি দুটা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷

লতামাকৰিৰ পোৱালি দুটা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷

  • Share this:
শিৱসাগৰ জিলাৰ চেৰেকাপাৰত উদ্ধাৰ হ’ল দুটি কণমানি লতামাকৰিৰ পোৱালি৷ এটা নৱনিৰ্মিত বাসগৃহত উদ্ধাৰ হয় লতামাকৰিৰ পোৱালি দুটা৷ চেৰেকাপাৰৰ ৰঘুগুৰিৰ সুজিৎ সিং ফুকন নামৰ ব্যক্তিজনৰ ঘৰত উদ্ধাৰ হয় পোৱালি দুটা৷ লকডাউনৰ বাবে নিৰ্মীয়মান ঘৰটোৰ কাম কৰিব পৰা নাছিল। বুধবাৰে বিয়লি ব্যক্তিজনে নৱনিৰ্মিত ঘৰটোত সোমাওতে কাঠৰ মাজত প্ৰত্যক্ষ কৰে পোৱালি দুটা৷

স্থানীয় ৰাইজে আৰক্ষী আৰু বন বিভাগক  খবৰ দিয়াৰ লগে লগে বন বিভাগৰ লোক উপস্থিত হৈ পোৱালি দুটা প্ৰত্যক্ষ কৰিয়েই দায়িত্ব সামৰে। বন বিভাগৰ দলে চমজি নল’লে পোৱালি দুটা।

লতামাকৰিৰ পোৱালি দুটা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ লকডাউনৰ সময়ত মানুহৰ সমাগম কম হোৱাৰ বাবেই জীৱ–জন্তুবোৰে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে৷ মানুহৰ উপস্থিতিৰ উমান পাই পোৱালি দুটা এৰি লতামাকৰিজনী সেই ঠাই ত্যাগ কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে৷ বন বিভাগে পোৱালিকেইটাৰ কোনো ব্যৱস্থা নকৰাত সুজিৎ সিং ফুকনেই পোৱালিকেইটাৰ চোৱাচিতা কৰি আছে।
Published by: Sanjay Kumar Das
First published: April 29, 2020, 6:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading