মহানগৰীৰ আমবাৰীত বনৰীয়া গাহৰিৰ ত্ৰাস! গাহৰিৰ আক্ৰমণত আহত চাৰি জন, প্ৰেছ ক্লাৱৰ চিচিটিভিত বন্দী আক্ৰমণৰ দৃশ্য

মহানগৰীৰ মাজমজিয়াত কিদৰে প্ৰৱেশ কৰিলে বনৰীয়া গাহৰিটো ৷ তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ একাংশৰ সন্দেহ ব্ৰহ্মপুত্ৰত উঠি আহিছিল বনৰীয়া জন্তুটো ৷
মহানগৰীৰ মাজমজিয়াত কিদৰে প্ৰৱেশ কৰিলে বনৰীয়া গাহৰিটো ৷ তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ একাংশৰ সন্দেহ ব্ৰহ্মপুত্ৰত উঠি আহিছিল বনৰীয়া জন্তুটো ৷
- News18 Assam
- Last Updated: August 8, 2020, 5:15 PM IST

গুৱাহাটী প্ৰেছক্লাৱৰ ছাফাই কৰ্মী ৰাজেন্দ্ৰ বাসৱ আৰু পুৰাতত্ব বিভাগৰ কৰ্মচাৰী মুকলেশ আলি গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত ৷ পিছে, মহানগৰীৰ মাজমজিয়াত কিদৰে প্ৰৱেশ কৰিলে বনৰীয়া গাহৰিটো ৷ তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ একাংশৰ সন্দেহ ব্ৰহ্মপুত্ৰত উঠি আহিছিল বনৰীয়া জন্তুটো ৷
ৰাতিপুৱা প্ৰায় ৯ মান বজাত প্ৰথমে পুৰাতত্ব বিভাগৰ নৈশ চকীদাৰ মুকলেশ আলিয়ে প্ৰত্যক্ষ কৰিছিল গাহৰিটো ৷ গাহৰিটো চৌহদৰ পৰা বাহিৰ কৰিব লওতে চোঁচা মাৰি আহে লোকজনক ৷ তাৰপাচতে সংঘটিত হয় এই অঘটন ৷ আৰু এই অঘটন সংঘটিত হোৱাৰ পাচতে টেক্সটাইল প্ৰতিষ্ঠানত প্ৰৱেশ কৰে গাহৰিটো ৷ অঘটন সংঘটিত কৰা গাহৰিটো বহু সময় ধৰি উদ্ধাৰৰ চেষ্টা চলাই বন বিভাগে ৷
গুৱাহাটী প্ৰেছ ক্লাৱত বনৰীয়া গাহৰিৰ অতৰ্কিত আক্ৰমণ। চিচিটিভিত বন্দী হ’ল দৃশ্য।
Posted by News18 Assam & NE on Saturday, August 8, 2020