সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ঔগুৰি লুখুৰাখন যদুবস্তি গাঁৱত যোৱানিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি যায় সমগ্র অঞ্চলটো। সুৰাৰ ৰাগীত মাতাল হৈ এগৰাকী মহিলাই নিজৰ মাতাল স্বামীক কুঠাৰেৰে ঘপিয়াই অতি নিৰ্মমভাৱে হত্যা কৰে।
ঘটনাৰ বিৱৰণী মতে, গাওঁখনৰ নিবাসী ভৱেশ্বৰ মুড়া (৫৫)ই নিশা নিজ ঘৰতে পত্নী মিনু মুড়া (৪৫)ৰ সৈতে সুৰাপান কৰে। ইয়াৰ অলপ পিছতেই দুয়োৰে মাজত তৰ্কাতৰ্কি সূত্ৰপাত হয় আৰু পাছলৈ কাজিয়াৰ ৰূপ লয়। তেওঁলোকৰ দুই সন্তানে কাজিয়া ভংগ কৰোৱাই দুয়োকে বিচনাত শুৱাই থৈ কিবা কামৰ বাবে ঘৰৰ পৰা অলপ সময়ৰ বাবে বাহিৰলৈ ওলাই যায়। ইয়াৰে সুযোগ লৈ পত্নী মিনুয়ে ঘৰত থকা কুঠাৰেৰে বিচনাত টোপনিত লালকাল হৈ থকা অৱস্থাত স্বামী ভৱেশ্বৰক ঘপিয়াই অতি নিৰ্মমভাৱে হত্যা কৰে।
ইফালে, ঘৰত চিঞৰ–বাখৰ শুনি সমীপতে থকা দুই সন্তান আৰু ওচৰ–চুবুৰীয়া দৌৰি আহি তেওঁলোকৰ ঘৰত উপস্থিত হয় আৰু ভৱেশ্বৰক তেজেৰে লুতুৰি–পুতুৰি হৈ বিচনাত পৰি থকা প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় গাঁওৰক্ষী বাহিনী আৰু সোণাৰি আৰক্ষী থানাত খবৰ দিয়ে।
ঘটনাৰ খবৰ পোৱা মাত্ৰকেই আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ স্বামী হত্যাকাৰী মিনুক আটক কৰাৰ লগতে ভৱেশ্বৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|