স্বামীক হত্যা কৰি ওলমাই থৈ বিছনাত ম’বাইল টিপি বহি থাকিল পত্নী

News18 Assam | News18-Assam
Updated:January 8, 2020, 11:23 AM IST
স্বামীক হত্যা কৰি ওলমাই থৈ বিছনাত ম’বাইল টিপি বহি থাকিল পত্নী
স্বামীক হত্যা কৰি চিলিঙত ওলমাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা মহিলাগৰাকীৰ। মৃত লোকজনৰ নাম হজৰত আলী।

স্বামীক হত্যা কৰি চিলিঙত ওলমাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা মহিলাগৰাকীৰ। মৃত লোকজনৰ নাম হজৰত আলী।

  • Share this:
মহানগৰীৰ পানীখাইতীত চাঞ্চল্যকৰ হত্যাকাণ্ড। খেৰবাৰীত এগৰাকী মহিলাই স্বামীক হত্যা কৰাৰ অভিযোগ। স্বামীক হত্যা কৰি চিলিঙত ওলমাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা মহিলাগৰাকীৰ। মৃত লোকজনৰ নাম হজৰত আলী। আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত মহিলাগৰাকীক। হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

এগৰাকী স্থানীয় মহিলাই জানিবলৈ দিয়া অনুসৰি – নিশা এটা ফোনকল অহাত ঘৰৰ পৰা ওলাই গৈছিল হজৰত। হজৰতৰ পত্নীয়ে স্বামী ওলাই যোৱাৰ কথা জানিছিল যদিও কেতিয়া পুনৰ ঘৰ সোমাইছিল সেই কথা নাজানো বুলি কৈছিল। পুৱা উঠাত বহু পলম হোৱাত হজৰত আৰু পত্নীক জগাইছিল পৰিয়ালৰ লোকে। কিন্তু কোনো সাৰসুৰ নোহোৱাত ঘৰৰ মানুহে দুৱাৰ ভাঙি যুৱকজনক ওলমি থকা প্ৰত্যক্ষ কৰে। সেই সময়ত পত্নীয়ে বিছনাত বহি ম’বাইল টিপি আছিল বুলিও উল্লেখ কৰে স্থানীয় মহিলাগৰাকীয়ে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি