আৰক্ষীয়ে গৌৰী দাসৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ আৰক্ষীয়ে গৌৰী দাসৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত শুকানজানিত বুধবাৰে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ পত্নীয়ে লোৰ মাৰিৰে কোবাই, ডিঙি ৰেপি হত্যা কৰে স্বামীক। নিহত লোকজনৰ নাম গৌৰী দাস (৫০)।
গৌৰী দাসৰ দীৰ্ঘদিনীয়া অত্যাচাৰত অতিষ্ঠ হৈ লোৰ মাৰিৰে কোবাই লগতে কটাৰীৰে ডিঙি ৰেপি হত্যা কৰি সৰভোগ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে পত্নীয়ে।
আত্মৰক্ষাৰ বাবে নিজ গৃহতেই স্বামীক হত্যা কৰিবলৈ বাধ্য হৈছে বুলি সৰভোগ আৰক্ষীক স্বীকাৰোক্তি দিছে মহিলাগৰাকীয়ে৷ আৰক্ষীয়ে গৌৰী দাসৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷
Published by: Sanjay Kumar Das
First published: July 08, 2021, 13:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|