মুখ্যপৃষ্ঠা » খবৰ

» অসম

»যৌনাংগত প্ৰহাৰ কৰি পত্নীয়ে হত্যা কৰিলে স্বামীক! লখিমপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা

যৌনাংগত প্ৰহাৰ কৰি পত্নীয়ে হত্যা কৰিলে স্বামীক! লখিমপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা

News18 Assam | News18-Assam
Updated:August 10, 2020, 10:40 PM IST
যৌনাংগত প্ৰহাৰ কৰি পত্নীয়ে হত্যা কৰিলে স্বামীক! লখিমপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা
আৰক্ষী ৰিজাৰ্ভত কৰ্মৰত আছিল স্বামী হত্যাৰ অভিযোগত অভিযুক্ত মহিলাগৰাকী।

আৰক্ষী ৰিজাৰ্ভত কৰ্মৰত আছিল স্বামী হত্যাৰ অভিযোগত অভিযুক্ত মহিলাগৰাকী।

  • Share this:
ভয়ংকৰ ঘটনা! লখিমপুৰৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে চাঞ্চল্যৰ।  লখিমপুৰৰ নাওখেলীয়াত পত্নীয়ে যৌনাংগত প্ৰহাৰ কৰি স্বামীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। স্বামীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পত্নীক।

দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা। পত্নীৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত পোৱা স্বামীক ততাতৈয়াকৈ চিকিত্‍সালয়লৈ নিয়া হৈছিল যদিও, মাজ ৰাস্তাতে মৃত্যুক সাৱটি লয় স্বামী ৰমেন বৰুৱাই। বৰ্তমান আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

স্থানীয় লোকে জনোৱা মতে, স্বামী আৰু স্ত্ৰী দুয়োগৰাকীয়ে আৰক্ষী বিভাগত চাকৰি কৰিছিল। লখিমপুৰ আৰক্ষীৰ সীমান্ত শাখাত কনিষ্টবল হিচাপে কৰ্মৰত আছিল মৃত ৰমেন বৰুৱা। আনহাতে পত্নী আৰক্ষী ৰিজাৰ্ভৰ কৰ্মচাৰী। যদিও বিয়াৰ ১০ বছৰ পাৰ হৈ গ’ল তথাপিও দুয়োৰে মাজত প্ৰায়ে সংঘটিত হৈছিল পাৰিবাৰিক কন্দল।
Published by: Himangshu Bhuyan
First published: August 10, 2020, 4:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি