পত্নী আৰু পৰকীয়া প্ৰেমিকৰ অমানৱীয় অত্যাচাৰত জীৱন মৃত্যুৰে যুঁজিছে ভৱিষ্যতে!

গাত ঢালি দিলে উতলা গৰম পানী

News18-Assam
Updated:September 21, 2019, 3:33 PM IST
পত্নী আৰু পৰকীয়া প্ৰেমিকৰ অমানৱীয় অত্যাচাৰত জীৱন মৃত্যুৰে যুঁজিছে ভৱিষ্যতে!
অনিচ্ছা স্বত্ত্বেও আমি দেখুৱাইছো, চাওক স্বামীৰ ওপৰত পত্নীৰ অমানৱীয় অত্যাচাৰ
News18-Assam
Updated: September 21, 2019, 3:33 PM IST
স্বামী নহয়, পত্নীয়ে চলালে স্বামীৰ ওপৰত নিৰ্যাতন। পত্নীৰ পৰকীয়া প্ৰেম ফাদিল কৰাই কাল হ’ল যুৱকৰ! দুলীয়াজানৰ ভৱিষ্যত বৰগোহাঁই নামৰ এগৰাকী যুৱকক অমানৱীয় অত্যাচাৰ চলাই নিজৰেই পত্নীয়ে। দুলীয়াজানৰ ভৱিষ্যত কৰ্মসূত্ৰে মুম্বাইত আছিল, তাতে  এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল যুৱকজনৰ। পিছত এই প্ৰেমৰ সম্পৰ্কক  বিবাহৰ ৰূপ দিছিল দুয়োজনে। কিন্তু বিয়াৰ কিছুদিন পিছতে অন্য এগৰাকী যুৱকৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হয় ভৱিষ্যতৰ পত্নী কুইনছিয়া ৰডিক্স। পত্নীৰ পৰকীয়া প্ৰেম, ভৱিষ্যতে ফাদিল কৰা বাবেই প্ৰেমিকৰ সৈতে মিলি নান ধৰণৰ অত্যাচাৰ চলাই ভৱিষ্যতক হত্যাৰ চেষ্টা চলালে পত্নী কুইনছিয়া ৰডিক্সে।

পত্নী কুইনছিয়া ৰডিক্সে


দুটাকৈ সন্তানৰ মাতৃ কুইনছিয়া ৰডিক্সে স্বামীৰ আগত তেওঁৰ সহপাঠী বুলি চিনাকী দি সত্যবিৰ নায়ৰ নামৰ এজন যুৱকৰ  সৈতে ৰাখিছিল অবৈধ সম্পৰ্ক আৰু শেহতীয়াকৈ এই সম্পৰ্ক স্বামীয়ে পোহৰলৈ অনাত প্ৰেমিকৰ লগত মিলি স্বামী ভৱিষ্যতক ভাতৰ লগত নিচাজাতীয় বস্তু মিহলাই অজ্ঞান কৰি হাত ভৰি বান্ধি কাণত হেডফোন লগাই প্ৰায় ৩ ঘন্টা সময় ধৰি হাতুৰি, মাৰটুলৰে প্ৰহাৰ কৰাৰ লগতে স্বামীৰ ওপৰত বিভিন্ন উপায়েৰে চলাইছিল ভয়ংকৰ আক্ৰমণ ।আনকি যুৱকজনৰ গাত ধালি দিয়া হৈছিল উতলা গৰম পানী।



পিছত জ্ঞান অহাৰ পিছত পত্নীৰ এনে আক্ৰমণৰ পৰা কোনো মতে নিজক বচাবলৈ সক্ষম হয় স্বামী। পিছত স্থানীয় লোকে দৰ্জা ভাঙি যুৱকজনক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মুম্বাইৰ মাণিকপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ পত্নী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে মুম্বাই জে জে হস্পিতালত প্ৰায় এমাহ চিকিৎসাধীন হৈ থকাৰ পিছত দুলীয়াজানৰ নিজা বাসগৃহত উপস্থিত হৈ এতিয়া ভৱিষ্যত অনুতপ্ত! পত্নীয়ে স্বামীৰ ওপৰত কৰা এনে শাৰীৰিক নিৰ্যাতনে এতিয়া স্তম্ভিত কৰি তুলিছে দুলীয়াজানবাসীক।
আৰু চাওক পৰৱৰ্তী বাতৰি