মুখ্যপৃষ্ঠা »খবৰ »অসম »WALKATHON 2.0: আন্তৰ্জাতিক নাৰী দিৱসৰ অংশ হিচাপে WICCIৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত ৱাকাথন ২.০

WALKATHON 2.0: আন্তৰ্জাতিক নাৰী দিৱসৰ অংশ হিচাপে WICCIৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত ৱাকাথন ২.০

ৱাকাথন ২.০ৰ উদ্বোধন কৰে ডিৱাই৩৬৫ৰ সঞ্চালিকা দীপান্বিতা জয়ছোৱালে।

ৱাকাথন ২.০ৰ উদ্বোধন কৰে ডিৱাই৩৬৫ৰ সঞ্চালিকা দীপান্বিতা জয়ছোৱালে।

  • Share this:
‍ৱ'মেন ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (WICCI)ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ অংশ হিচাপে আজি গুৱাহাটীত আয়োজন কৰা হয় ৱাকাথন ২.০। WICCIৰ গুৱাহাটী নগৰ পৰিষদ, হাউছ অফ টোগৰ আৰু অল লেডিজ লীগ লীগেল ছাপ'ৰ্টৰ সহযোগত আয়োজিত এই ৱাকাথন ২.০ ৩ কিঃমিঃ, ৫ কিঃমিঃ আৰু ১০ কিঃমিঃৰ ৩টা শ্ৰেণীত অনুষ্ঠিত হয়।



ৱাকাথন ২.০ৰ উদ্বোধন কৰে ডিৱাই৩৬৫ৰ সঞ্চালিকা দীপান্বিতা জয়ছোৱালে। WICCIৰ গুৱাহাটী নগৰ পৰিষদৰ সভাপতি বনশ্ৰী গগৈয়ে জানিবলৈ দিয়া মতে, এই ৱাকাথনৰ মটো আছিল- SHE for SHE Power to Empower। উল্লেখ্য, ৱাকাথন (WALKATHON 2.0) ব্লুষ্টোনৰ দ্বাৰা সমৰ্থিত আছিল, ইয়াৰ লগতে সমৰ্থক ৰূপে আছিল হেলথ কেয়াৰ ছ'চাইটীৰ নিৰ্মল কান্তি ভট্টাচাৰ্য, ৰেজেল ৰাইডাৰ্ছৰ ৰক্তিম এছ কাশ্যপ, এৰোমা ৰিট্ৰিট কেফেৰ টিংকু সোম, কাৰালাম্বানাই হেল্পিং ছ'চাইটীৰ অৰ্পিতা শইকীয়া।



অনুষ্ঠানটো পৰিচালনা কৰিছিল প্ৰণামী দাস আৰু নৰ্থইষ্ট নাৱে মিডিয়া পাৰ্টনাৰ ৰূপে সহযোগ কৰে। ৱাকাথনৰ তিনিওটা শ্ৰেণীৰ আৰম্ভণি বিন্দু আছিল গুৱাহাটীৰ ভিআইপি পথৰ কাষৰ পাথাৰ কুৱেৰীস্থিত ব্লু পেৰাডাইজ হল।

শেহতীয়া বাতৰি