NEWS18ত সম্প্ৰচাৰিত এক পুৰণি বাতৰিয়ে স্থান লাভ কৰিলে বিতৰ্কত৷
NEWS18ত সম্প্ৰচাৰিত এক পুৰণি বাতৰিয়ে স্থান লাভ কৰিলে বিতৰ্কত৷
ৰাজ্যিক বিজেপিয়ে নিজৰ মিডিয়া হোৱাটছ এপ গ্ৰুপত দিছিল এটা মেছেজ। সাংবাদিকক আমন্ত্ৰণ কৰা হৈছিল ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ। য’ত যোগদান কৰাৰ কথা এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাক্তন বিধায়কে৷ বিজেপিৰ আমন্ত্ৰণ ক্ৰমে সাংবাদিকো যথাসময়ত বিজেপি কাৰ্যালয়ত উপস্থিত হ'ল৷ কিন্তু যোগদান কাৰ্যসূচী অনুষ্ঠিত নহয় হে নহয়। ১২ৰ পৰা ১ বাজিল যোগদান কাৰ্যসূচী অনুষ্ঠিত নহ'ল৷ কাৰণ বিজেপি কাৰ্যালয়ত চেপা উত্তেজনা।
উত্তেজনাৰ কাৰণ যোগদান কৰিবলগীয়া মানুহজন। পশ্চিম গোৱালপাৰাৰ AIUDFৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলম৷ শ্বেখ শ্বাহ আলমে লোকসভা নিৰ্বাচনৰ পূৰ্বে হিন্দুৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিছিল। তেৱেই বিজেপিত যোগদান কৰিব। ইয়াকে লৈ বিজেপিৰ ভিতৰচ’ৰাত মঙলবাৰৰ দিনটোত তুমুল বিতৰ্ক।
একপ্ৰকাৰ ৰাজ্যিক বিজেপিৰ সভাপতিক জবাবদিহী কৰিলে বিজেপি কৰ্মীয়ে। পৰিণতিত বিজেপিয়ে বাতিল কৰিলে যোগদান কাৰ্যসূচী আৰু বিজেপি কাৰ্যালয়লৈ আহিও বিজেপিত যোগদান কৰিব নোৱাৰিলে শ্বেখ শ্বাহ আলমে৷
NEWS18ত সম্প্ৰচাৰিত এক পুৰণি বাতৰিয়ে স্থান লাভ কৰিলে বিতৰ্কত৷ বাতৰিৰ আলম লৈয়ে সভাপতি ৰণজিত কুমাৰ দাসক শ্বেখ আলমক দলত নল'বলৈ অনুৰোধ কৰিলে একাংশ নেতাই৷ এই অনাকাংক্ষিত পৰিৱেশৰ পিছত বিজেপি সভাপতি ৰণজিত দাসে দিলে যুক্তি – "সংখ্যালঘু সমাৰোহত যোগদান হ’ব সংখ্যালঘু লোকৰ৷"
বিজেপিয়ে কংগ্ৰেছ–AIUDFৰ প্ৰস্তাৱিত মহাজোঁট বন্ধনক ওফৰাবলৈ ৰাজ্যৰ ২০টা সমষ্টিত সংখ্যালঘু লোকক টিকট দিব৷ ২০টা সমষ্টিক টাৰ্গেট কৰি লৈ বিজেপিয়ে নিৰ্বাচনত অংশ ল’বলৈ সাজু হৈছে। বিজেপিৰ টাৰ্গেটত দক্ষিণ কৰিমগঞ্জ, হাইলাকাণ্ডি, সোনাই, পশ্চিম গোৱালপাৰা, দক্ষিণ শালমাৰা, নাওবৈচা, জলেশ্বৰ, জনিয়া, বাঘবৰ, চামগুৰি, ছয়গাঁও৷ এই কেইটা সমষ্টিত বিজেপিয়ে সংখ্যালঘু সমাৰোহ অনুষ্ঠিত কৰি বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ লক্ষ্য স্থিৰ কৰিছে। অৱশ্যে বিজেপিৰ এই ৰণকৌশল কিমান দূৰ সফল হ’ব সেয়া সময়েহে ক’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|