‘গ্ৰেপ্তাৰ নকৰি উগ্ৰপন্থীৰ দৰে দুটা গুলী কিয় মাৰিলে ছেমক?’ উচুপি উঠিল ছেম ষ্টেফাৰ্ডৰ মাতৃ

News18 Assam | News18-Assam
Updated:January 22, 2020, 2:50 PM IST
‘গ্ৰেপ্তাৰ নকৰি উগ্ৰপন্থীৰ দৰে দুটা গুলী কিয় মাৰিলে ছেমক?’ উচুপি উঠিল ছেম ষ্টেফাৰ্ডৰ মাতৃ
"মোৰ ল'ৰাক অত্যাচাৰ কৰি হত্যা কৰা হৈছিল, সি যদি কিবা ভুলো কৰিছিল তাক কিয় হত্যা কৰা হ’ল? গ্ৰেপ্তাৰ কৰিবও পাৰিলেহেঁতেন। উগ্ৰপন্থীৰ দৰে দুটাকৈ গুলী মাৰিব লগীয়া কি কৰিছিল সি?" মাতৃয়ে কয়।

"মোৰ ল'ৰাক অত্যাচাৰ কৰি হত্যা কৰা হৈছিল, সি যদি কিবা ভুলো কৰিছিল তাক কিয় হত্যা কৰা হ’ল? গ্ৰেপ্তাৰ কৰিবও পাৰিলেহেঁতেন। উগ্ৰপন্থীৰ দৰে দুটাকৈ গুলী মাৰিব লগীয়া কি কৰিছিল সি?" মাতৃয়ে কয়।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলনত ছহীদ আখ্যা দিয়া ছাত্ৰ ছেম ষ্টেফাৰ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে চাঞ্চল্যৰ সৃষ্টি কৰিছে। শীতল মস্তিষ্কৰে ছেমক কেবাজাঁই গুলীৰে হত্যা কৰাৰ তথ্য প্ৰকাশ! হত্যাৰ পূৰ্বে ছেমৰ ওপৰত চলোৱা হৈছিল শাৰিৰীক অত্যাচাৰো। কেৱল ইমানেই নহয় শূণ্য দূৰত্বৰ পৰা কেবাটাও গুলীয়ে বিদীৰ্ণ কৰিছিল ছেমৰ শৰীৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে দুটাকৈ গুলী লাগিছিল ছেমৰ শৰীৰত। এটা গুলী থুতৰিৰ তলেদি সোমাই কপালেদি ওলাই গৈছিল।
আনটো গুলী লাগিছিল পেটত। চৰকাৰী বাহিনীৰ নিষ্ঠুৰতাৰ এই বিস্ফোৰক তথ্য ফাদিলৰ পিছতে ছেম ষ্টেফাৰ্ডৰ মাতৃয়ে প্ৰকাশ কৰিছে তীব্ৰ ক্ষোভ, "মোৰ ল'ৰাক অত্যাচাৰ কৰি হত্যা কৰা হৈছিল, সি যদি কিবা ভুলো কৰিছিল তাক কিয় হত্যা কৰা হ’ল? গ্ৰেপ্তাৰ কৰিবও পাৰিলেহেঁতেন। উগ্ৰপন্থীৰ দৰে দুটাকৈ গুলী মাৰিব লগীয়া কি কৰিছিল সি?"

মাকে লগতে কয়, "তাক হত্যা কৰাৰ পৰা আজি লৈকে খবৰ লবলৈ শাসকীয় দলৰ এজনো মানুহ নাহিল। চৰকাৰে আমাক ন্যায় নিদিয়ে। সকলোকে অলপ সহায় কৰিবলৈ অনুৰোধ। গুলীওৱাৰ পূৰ্বে তাক যদি ইমান প্ৰহাৰ কৰাই হৈছিল, তাক গুলীওৱাৰ প্ৰয়োজন কি আছিল?প্ৰশ্ন কৰে ছেমৰ ভিনিহিয়েকে।

"আমাক ন্যায় লাগে। আৰু যাতে কোনো মাতৃৰ বুকু শুদা নহয়। কোনেও যাতে আমাৰ দৰে মৰি মৰি জীয়াই থাকিব নালাগে। চৰকাৰলৈ কাতৰ অনুৰোধ।" কয় ছেমৰ পেহীয়েকে।

প্ৰতিবেদন অনুসৰি, ছেমৰ কপালত ৯x২ ছেণ্টিমিটাৰ আঘাতৰ চিহ্ন স্পষ্ট হৈ থকাৰ লগতে ওঁঠ আৰু দুয়ো আঁঠুতে আছিল আঘাতৰ চিন। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মতে, আৰক্ষীয়ে পৰিকল্পিতভাৱে অতি শীতল মস্তিষ্কৰে দুটাকৈ গুলীৰে থকা–সৰকা কৰিছিল ছেম ষ্টেফৰ্ডক।

ছেম ষ্টেফাৰ্ডৰ মাতৃ


উল্লেখযোগ্য যে ১২ডিচেম্বৰত ছেম ষ্টেফাৰ্ডৰ উপৰি হাতীগাঁৱত আৰক্ষীৰ গুলীয়ে মূৰ ভেদি গৈছিল ছানিদুল ইছলাম নামৰ এগৰাকী ছাত্ৰৰ। আনহাতে, আৰক্ষীৰ গুলীত হাতীগাঁৱত আহত হৈছিল মুঠ ৮জন লোক। আশ্বৰ্যজনক কথাটো হ’ল ছেম ষ্টেফাৰ্ডৰ লগতে আনকেইজনক কোন আৰক্ষীৰ ৰাইফলৰ গুলীয়ে আঘাত কৰিলে সেয়া বৰ্তমানো তদন্তই ঢুকি পোৱা নাই।

‘আমাৰ অসম’ৰ খবৰ মতে, হাতীগাঁৱৰ গুলীচালনাৰ ঘটনাৰ পিছত চতুৰ্থ আৰক্ষী বেটেলিয়নৰ এজন জোৱানে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰত উল্লেখ কৰা অনুসৰি, আৰক্ষীৰ কনভয়ক প্ৰতিবাদকাৰীয়ে বাধা দিয়াৰ বাবেই শূন্যলৈ ৫জাঁই গুলীচালনা কৰা হৈছিল। প্ৰশ্ন হৈছে, শূন্যলৈ চলোৱা গুলী কেনেকৈ লাগিল ছেমৰ গাত? ছানিদুলসহ আন ৭জন লোক কেনেকৈ আহত হ’ল শূন্যলৈ চলোৱা গুলীত?

উল্লেখযোগ্য যে ১২ ডিচেম্বৰত হাতীগাঁৱৰ নামঘৰ পথৰ সমীপত আৰক্ষীৰ গুলী বুকু পাতি লৈ মৃত্যুক সাবটি লৈছিল জাতীয় দল–সংগঠন আৰু ৰাইজে ছহীদ আখ্যা দিয়া ছেম ষ্টেফাৰ্ডে। ছেমৰ লগতে আন চাৰিজন লোকে প্ৰাণ দিছিল এই প্ৰতিবাদী আন্দোলনত।
আৰু চাওক
পৰৱৰ্তী বাতৰি