কিয় তৰুণ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’ব বুলি নাভাবে ৰিপুণ বৰাই, ৰকিবুল হুছেইন কিয় বিব্ৰত হ’ল?

ছোনীয়া গান্ধীলৈ লিখা পত্ৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ সন্মুখতে প্ৰশ্ন কৰাত বিব্ৰত ৰকিবুল হুছেইন।

News18-Assam
Updated:November 5, 2019, 4:20 PM IST
কিয় তৰুণ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’ব বুলি নাভাবে ৰিপুণ বৰাই, ৰকিবুল হুছেইন কিয় বিব্ৰত হ’ল?
ছোনীয়া গান্ধীলৈ লিখা পত্ৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ সন্মুখতে প্ৰশ্ন কৰাত বিব্ৰত ৰকিবুল হুছেইন।
News18-Assam
Updated: November 5, 2019, 4:20 PM IST
নীলোৎপল বৰাঃ প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত এতিয়া ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়া হাটাও অভিযান। পিছে ৰিপুণ বৰাক আঁতৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অধিষ্ঠিত হোৱাৰ চৰ্চাৰ একো খবৰেই হেনো নাপায় ৰিপুণ বৰা, দেৱব্ৰত শইকীয়াই। কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াক ভয়াতুৰ আখ্যা দি কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীলৈ ১৩জন বিধায়কে পত্ৰ প্ৰেৰণ কৰা প্ৰসংগত নিউজ18ত প্ৰথম প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ।
মোক প্ৰশ্ন কৰাতকৈ যিসকলে অভিযোগ দিছে তেঁওলোকক সুধিলে বেছি ভাল পাম
মোৰ যিখিনি ক'ব লগা আছে মই হাইকামাণ্ডক ক’ম।

মই এই বিষয়ে খবৰ কাগজতহে গম পাই পাইছো।

তাৎপৰ্যপূৰ্ণভাৱে বিৰোধী দলপতিৰ বিৰুদ্ধে দিয়া পত্ৰ সন্দৰ্ভত সাংবাদিকে দেবব্ৰত শইকীয়াৰ সন্মুখতে সোধা প্ৰশ্নত বিব্ৰত হৈ পৰিল ৰকিবুল হুছেইন। চালে বেৰে কোবাই
কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়ৰ পৰিৱৰ্তে অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰশ্ন সুধিবলৈ সাংবাদিকক ক’লে ৰকিবুল হুছেইনে।  হাইকামাণ্ডলৈ দিয়া পত্ৰ সন্দৰ্ভত কোনো উত্তৰ নিদিলে ৰকিবুল হুছেইনে ইয়াৰ পৰিৱৰ্তে সোণ দিম বুলি কৈ সোণ নিব খোজা বিজেপিৰ মন্ত্ৰীক প্ৰশ্ন সোধক বুলি পেংলাই কৰে বিধায়কজনে।
আনহাতে হাইকামাণ্ডলৈ দিয়া পত্ৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে ৰিপুণ বৰাইও।

এই বাতৰি সংবাদ মাধ্যমৰ জৰিয়তেহে হেনো তেওঁ গম পাইছে। ৰিপুণ বৰাৰ মতে সংবাদ মাধ্যমত প্ৰকাশিত সকলো বাতৰিয়ে সত্য হ'ব নোৱাৰে। লগতে তেওঁৰ দাবী
তৰুণ গগৈ পুনৰ সভাপতি হ'ব বুলি নাভাবো, কাৰণ ২০১৬ত তৰুণ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ পৰাজিত হোৱাৰ পিছতে তৰুণ গগৈয়ে কোনো পদ গ্ৰহণ নকৰে বুলি ঘোষণা কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি