‘কাজিৰঙাৰ ৰজা’ৰ ঘৰত প্ৰাক্তন মুখ্যমন্ত্ৰী, মন্ত্ৰী অতুল বৰাৰ সমষ্টিত কি কৰিছে প্ৰফুল্ল কুমাৰ মহন্তই?

অতি সংগোপনে কাজিৰঙাৰ ৰজাৰ ঘৰত আহি গোপন আলোচনাত মিলিত হোৱা কাৰ্যই আগন্তুক নিৰ্বাচনত অতুল বৰাৰ নিৰ্বাচনী ঘোঁৰা স্তব্ধ কৰাৰ বাবেই নেকি? চৰ্চা চলিছে সমষ্টিটোত।
অতি সংগোপনে কাজিৰঙাৰ ৰজাৰ ঘৰত আহি গোপন আলোচনাত মিলিত হোৱা কাৰ্যই আগন্তুক নিৰ্বাচনত অতুল বৰাৰ নিৰ্বাচনী ঘোঁৰা স্তব্ধ কৰাৰ বাবেই নেকি? চৰ্চা চলিছে সমষ্টিটোত।
- News18 Assam
- Last Updated: July 25, 2020, 2:15 PM IST
প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ সৈতে বৈঠক সৌজন্যমূলক সাক্ষাৎ আছিল বুলি কয় যদিও জিতেন গগৈয়ে ২০২১ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰে। ২০০১ আৰু ২০০৬ চনৰ নিৰ্দলীয় বিধায়ক আছিল জিতেন গগৈ। একালৰ প্ৰতাপী বিধায়ক জনে আগন্তুক নিৰ্বাচনতো জয় হব বুলি দৃঢ় মত পোষন কৰে।
যিহেতু কেবক লৈ বৰ্তমান অগপ দুটা ভাগত বিভক্ত বুলি সকলোৱে জানে ৷ প্ৰফুল্ল কুমাৰ মহন্ত সততে সৰৱ হৈ থাকে অগপৰ তিনি মন্ত্ৰীৰ বিৰুদ্ধে ৷ বোকাখাতৰ বিধায়ক, কেবিনেট মন্ত্ৰী আৰু অগপৰ সভাপতি অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত প্ৰাক্তন বিধায়ক জীতেন গগৈৰ এতিয়াও সমষ্টিটোত এটা ভিত্তি আছে ৷ সমান্তৰাল ভাৱে এইবাৰ নিৰ্বাচনত গগৈয়ে প্ৰতিদ্বন্দিতা কৰাতো নিশ্চিত ৷ গতিকে অতি সংগোপনে কাজিৰঙাৰ ৰজাৰ ঘৰত আহি গোপন আলোচনাত মিলিত হোৱা কাৰ্যই আগন্তুক নিৰ্বাচনত অতুল বৰাৰ নিৰ্বাচনী ঘোঁৰা স্তব্ধ কৰাৰ বাবেই নেকি? নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্তও ৰাজহুৱা কৰে জীতেন গগৈয়ে ৷