প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে যোৰহাটৰ বায়ুসেনা আস্থানৰ ৰাণৱে'ত অৱতৰণ কৰা দিনাই যোৰহাটৰ বিমানবন্দৰত এজন যাত্ৰীৰ পৰা উদ্ধাৰ কৰা হৈছিল ৯ এম এম পিষ্টলৰ সজীৱ গুলী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে যোৰহাটৰ বায়ুসেনা আস্থানৰ ৰাণৱে'ত অৱতৰণ কৰা দিনাই যোৰহাটৰ বিমানবন্দৰত এজন যাত্ৰীৰ পৰা উদ্ধাৰ কৰা হৈছিল ৯ এম এম পিষ্টলৰ সজীৱ গুলী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে যোৰহাটৰ বায়ুসেনা আস্থানৰ ৰাণৱে'ত অৱতৰণ কৰা দিনাই যোৰহাটৰ বিমানবন্দৰত এজন যাত্ৰীৰ পৰা উদ্ধাৰ কৰা হৈছিল ৯ এম এম পিষ্টলৰ সজীৱ গুলী। ২৩ জানুৱাৰীত যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত সংঘটিত হৈছিল এই ঘটনা । বিমানবন্দৰটোলৈ যাত্ৰী ৰূপে অহা এজন আৰক্ষী উপপৰিদৰ্শকৰ পৰা জব্দ কৰা হৈছিল এই সজীৱ গুলীসমূহ। ইতিমধ্যে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে।
বায়ুসেনা বাহিনীৰ সৈতে সংলগ্ন হৈ আছে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰটো। যোৱা ২৩ জানুৱাৰীত শিৱসাগৰলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীৰ বিশেষ বিমান যোৰহাটৰ এয়াৰফৰ্ছ ষ্টেচনত অৱতৰণ কৰাৰ পিছত হেলিকপ্টাৰ যোগে যাত্ৰা কৰিছিল জেৰেঙা পথাৰলৈ। সেইদিনাই যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত নিৰাপত্তাৰক্ষীসকলে উদ্ধাৰ কৰিছিল ৯ এম এম পিষ্টলৰ সজীৱ গুলী। মাজুলীত প্ৰৱেশ্যনাৰ হিচাপে থকা আৰক্ষী উপ পৰিদৰ্শক উৎপল দাসৰ বেগৰ পৰা এয়াৰপৰ্টৰ নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰিছিল চাৰিটা ৯ mm পিষ্টলৰ গুলী।
ইতিমধ্যে যোৰহাট আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি এই গুলীসমূহৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে । চুটি লোৱাৰ সময়ত উৎপল দাসে গুলীসহ নিজৰ চাৰ্ভিছ পিষ্টলটো জমা দি আহিছিল। এই গুলীসমূহ চৰকাৰী ভাবে প্ৰদান কৰা গুলী নে আন কোনো উৎসৰ পৰা সংগ্ৰহ কৰা গুলী সেইসন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু মাজুলী আৰক্ষীৰ পৰা এই সন্দৰ্ভত তথ্য বিচাৰিছে। এই গুলীসমূহৰ উৎস বেলেগ হ'লে আৰু এইসমূহ বেগত লৈ যোৱাৰ গ্ৰহণযোগ্য কাৰণ দৰ্শাব নোৱাৰিলে আৰক্ষী উপপৰিদৰ্শকগৰাকী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|