• Home
  • »
  • News
  • »
  • assam
  • »
  • 'ফণীয়ে শ্লীপিং টেবলেট খাবলগীয়া হৈছে..', কিয় AIUDF বিধায়কৰ BJP গমন? আমিনুল ইছলামে দিলে বাখ্যা!

'ফণীয়ে শ্লীপিং টেবলেট খাবলগীয়া হৈছে..', কিয় AIUDF বিধায়কৰ BJP গমন? আমিনুল ইছলামে দিলে বাখ্যা!

ভবানীপুৰৰ বিধায়ক ফণী তালুকদাৰে বিজেপিৰ যোগদান সন্দৰ্ভত বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া।

ভবানীপুৰৰ বিধায়ক ফণী তালুকদাৰে বিজেপিৰ যোগদান সন্দৰ্ভত বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া।

ভবানীপুৰৰ বিধায়ক ফণী তালুকদাৰে বিজেপিৰ যোগদান সন্দৰ্ভত বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া।

  • Share this:
বিজেপিমুখী ফণী তালুকদাৰ! বিগত বিধানসভা নিৰ্বাচনত AIUDFৰ টিকটত ভৱানীপুৰ সমষ্টিত জয়লাভ কৰা ফণী তালুকদাৰে দলত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ যো-জা চলোৱাৰ সময়তে AIUDF নেতা আমিনুল ইছলামে কঠোৰ ভাবে সমালোচনা কৰিছে ফণী তালুকদাৰক।

কিয় ফণী তালুকদাৰে বিজেপিত যোগদান কৰিবলৈ আগবাঢ়িছে, সেই সন্দৰ্ভত কাৰণ ব্যাখ্যা কৰিলে বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামে কয় যে, 'বিজেপিয়ে পণবন্দী কৰি বিধায়ক ফণী তালুকদাৰক বিজেপিত যোগদান কৰোৱাৰ চেষ্টা চলাইছে। বিধায়ক ফণী তালুকদাৰৰ বিজেপি গমনক লৈ চিন্তিত AIUDF। কিয় যাব আমাৰ বিধায়ক! ফণী তালুকদাৰৰ আছে পুৰণি বহু গোচৰ, যাৰ ভয় দেখুৱাই বিজেপিত যোগদান কৰোৱাৰ চেষ্টা চলাইছে। ফলত  ফণী তালুকদাৰে শ্লীপিং টেবলেট খাই টোপনিত যাবলগীয়া পৰিস্থিতি হৈছে।'

উল্লেখ্য যে, বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ পৰা পদত্যাগ কৰি BJPলৈ যাবলৈ সকলোখিনি প্ৰস্তুতি সম্পন্ন কৰি তুলিছে ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে। তালুকদাৰে BJPত যোগ দিলেও উপ–নিৰ্বাচনত BJPৰ পৰা টিকট পাবনে নাই স্পষ্ট নহয়। কিন্তু সমষ্টি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৩৫টা প্ৰস্তাৱ আৰু দুহাজাৰ কোটি টকা বিচাৰিছে বুলি ইতিমধ্যে News18ক সদৰি কৰিছে ফণী তালুকদাৰে৷
Published by:Himangshu Bhuyan
First published: