অসমৰ ৰাইজে হিয়া উজাৰি ভোট দিব বিজেপিক ৷ উজনিৰ ভালে কেইখন ৰাজহুৱা সভাত মন্তব্য ৰাখিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
অসমৰ ৰাইজে হিয়া উজাৰি ভোট দিব বিজেপিক ৷ উজনিৰ ভালে কেইখন ৰাজহুৱা সভাত মন্তব্য ৰাখিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
অসমৰ ৰাইজে হিয়া উজাৰি ভোট দিব বিজেপিক ৷ উজনিৰ ভালে কেইখন ৰাজহুৱা সভাত মন্তব্য ৰাখিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এনে মন্তব্যৰ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই ৷
কিয় অসমৰ মানুহে হিয়া উজাৰি ভোট দিব বিজেপিক?
কাৰণ জাতি, মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত অসমীয়াই হেৰুৱাইছে ভেটি। নে চৰকাৰ খনে ‘কা’ সমৰ্থন কৰাৰ বাবে বিজেপিক ভোট দিব? ‘কা’ বিৰোধী আন্দোলন কৰাৰ বাবে অখিল গগৈক কাৰাবন্দী কৰিছে ৷ যাৰ বাবে ভোট দিব নেকি বিজেপিক ? প্ৰশ্ন ৰিপুণ বৰাৰ ৷
বছৰত ২ কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰই ৷ একেদৰে অসমত বছৰি ২৬ লাখ নিবুনৱাক সংস্থাপনৰ আশ্বাস দিছিল বিজেপিয়ে ৷ তেন্তে নিবনুৱাক সংস্থাপন নকৰাৰ বাবে ভোট দিব নেকি বিজেপিক? মুখ্যমন্ত্ৰীক পোনপটীয়া আক্ৰমণ ৰিপুণ বৰাৰ ৷
অসমত ৬০ বছৰে কংগ্ৰেছে কৰিব নোৱাৰা কাম বিজেপি ৬ বছৰত কৰা বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সেই সন্দৰ্ভত উভতি ধৰিলে ৰিপুণ বৰাই ৷ প্ৰথমে সোণোৱালক বুৰঞ্জী পঢ়াৰ আহ্বান বৰাৰ ৷
কংগ্ৰেছে ৬০ বছৰে গঢ়া দেশ, বিজেপিয়ে ধ্বংস কৰিছে ৷ মুখ্যমন্ত্ৰী সোণোৱালে পঢ়া বিদ্যালয়, মহাবিদ্যালয় কোনে নিৰ্মাণ কৰিছিল , বিজেপিয়ে নিৰ্মাণ কৰিছিল নেকি ? প্ৰশ্ন ৰিপুণ বৰাৰ ৷ একেদৰে অসম সচিবালয়, ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ কোনে নিৰ্মাণ কৰিছিল? সেয়া সকলো কংগ্ৰেছৰ দিনতে হোৱা। গতিকে ৬০ বছৰত কংগ্ৰেছে কি কৰিলে বুলি মন্তব্য কৰাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ নাই বুলিও সমালোচনা কৰিলে ৰিপুণ বৰাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|