বিধায়ক শিলাদিত্য দেৱৰ ক্ষোভৰ আঁৰত এইবোৰ কাৰণ!

২০১৬ চনত বিজেপি মিত্ৰজোঁটে দিছপুৰৰ মচনদ দখল কৰাৰ পৰাই ক্ষোভ পুহি ৰাখিছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে৷
২০১৬ চনত বিজেপি মিত্ৰজোঁটে দিছপুৰৰ মচনদ দখল কৰাৰ পৰাই ক্ষোভ পুহি ৰাখিছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে৷
- News18 Assam
- Last Updated: July 16, 2020, 2:12 PM IST
২০১৬ চনত বিজেপি মিত্ৰজোঁটে দিছপুৰৰ মচনদ দখল কৰাৰ পৰাই ক্ষোভ পুহি ৰাখিছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে৷ প্ৰথমতেই আহিছিল হোজাই জিলা বিজেপিৰ সভাপতি কোন হ'ব তাক লৈ প্ৰশ্ন৷ নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু হোজাইৰ বিধায়ক শিলাদিত্য দেৱে সভাপতি হিচাপে বিচাৰিছিল উত্তম দাসক৷ পিছে ৰাজ্যিক নেতৃত্বই ২০১৪ৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰোধিতা কৰা অৰ্জুন মজুমদাৰকহে দিলে হোজাই জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব৷
ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ছয় মাহৰ ভিতৰত অৰ্জুন মজুমদাৰক আঁতৰাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি আঁতৰোৱা নাছিল অৰ্জুন মজুমদাৰক৷ এটা আপত্তিজনক ভিডিঅ' ওলোৱাতহে অৰ্জুন মজুমদাৰে বাধ্যত পৰি পদত্যাগ কৰাত সভাপতিৰ দায়িত্ব দিলে চন্দন দেৱক৷ চন্দন দেৱক লৈও আপত্তি কৰিছিল শিবু মিশ্ৰ, শিলাদিত্য দেৱে৷ কিন্তু দলীয় নেতৃত্বই বিধায়ক দুগৰাকীৰ কথাত তিলমানো গুৰুত্ব দিয়া নাছিল৷
এনে বহুবোৰ কথাতে দলৰ বিশেষকৈ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাক টাৰ্গেট কৰি দল এৰাৰ মুকলি হুংকাৰ দিছিল বিধায়ক শিলাদিত্য দেৱে৷ অৱশ্যে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদৰ বি এল সন্তোষ, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি একাংশৰ মন্ত্ৰণাৰ পিছত এসপ্তাহৰ সময় লৈছে বিধায়ক শিলাদিত্য দেৱে৷