কিয় হেৰাই গ’ল মাৰ্চি বৰা? দুদিন আগলৈকে কৰিছিল টিকটক ভিডিঅ’

News18 Assam | News18-Assam
Updated:February 15, 2020, 10:14 AM IST
কিয় হেৰাই গ’ল মাৰ্চি বৰা? দুদিন আগলৈকে কৰিছিল টিকটক ভিডিঅ’
মাত্ৰ দুমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা মাৰ্চি বৰাৰ আত্মহত্যা কাণ্ডই এতিয়া সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মাত্ৰ দুমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা মাৰ্চি বৰাৰ আত্মহত্যা কাণ্ডই এতিয়া সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

  • News18 Assam
  • Last Updated: February 15, 2020, 10:14 AM IST
  • Share this:
মাত্ৰ দুমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা মাৰ্চি বৰাৰ আত্মহত্যা কাণ্ডই এতিয়া সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নিজৰ বিয়াৰ দিনা নৃত্য কৰি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা মাৰ্চি বৰাৰ আত্মহত্যাৰ ঘটনা।

গাৰ পৰা মাহ–হালধীৰ গোন্ধ নাযাওঁতেই জীৱনৰ মোহ কিয় ত্যাগ কৰিলে কম বয়সীয়া বোৱাৰীগৰাকীয়ে তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰেমৰ দিৱসৰ দিনাই জীৱনৰ পৰা চিৰবিদায় লোৱা ন–বোৱাৰীগৰাকীৰ মৃত্যুত হতভম্ব হাওৰাঘাটৰ কামপুৰীয়া গাঁৱবাসী।মাৰ্চিৰ আত্মহত্যা এতিয়া সহজ ভাবে ল’ব পৰা নাই তাইৰ বন্ধু–বান্ধৱীয়েও। অভিজিৎ লস্কৰ নামৰ মাৰ্চিৰ  এগৰাকী বন্ধুৱেও ঘটনাত ৰহস্যৰ গোন্ধ পাইছে। ফেচবুকত বন্ধু অভিজিতে লিখা এটা প’ষ্টে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে বহু প্ৰতিভাৰ অধিকাৰী মাৰ্চিৰ আছিল সমাজপ্ৰিয়। সৰুৰে পৰা নৃত্য কৰি ভালপোৱা মাৰ্চিয়ে নিজাকৈ  কিবা এটা কৰাৰ মন কৰিলেই হেঙাৰ ৰূপে থিয় দিছিল  স্বামী প্ৰণৱ বৰা। কিবা এটা কৰিবলৈ মন কৰিলেই স্বামীয়ে হেঙাৰ ৰূপে থিয় দিছিল। আনকি টিকটকত একাউণ্ট খোলাৰ বাবেও স্বামীয়ে মাৰ্চিৰ সৈতে কৰিছিল কাজিয়া।

ফলত মানসিক ভাবে একেবাৰে ভাঙি পৰিছিল মাৰ্চি। ইতিমধ্যে মাৰ্চি বৰাৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে যাৱতীয় তদন্ত কৰিছে।  প্ৰাথমিক তদন্তত ডকমকা আৰক্ষীয়ে এয়া হতাশগ্ৰস্ততাত পৰি মাৰ্চিৰ আত্মহনন বুলি প্ৰকাশ কৰিছে ৷ কি কাৰণে মাৰ্চিয়ে এই বাট বাছি ল’লে সেয়া এতিয়াও পৰিষ্কাৰকৈ জানিব পৰা হোৱা নাই। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে মাৰ্চি বৰাৰ মৃতদেহ।

আৰু চাওক
পৰৱৰ্তী বাতৰি