ৰাজ্যসভাৰ সাংসদ হোৱাৰ সপোন পূৰণ নোহোৱাত ত্যাগ কৰিলে বিজেপি! এইবাৰ বিধায়িকা হোৱাৰ বাসনাৰে অগপত যোগ দিলে নেকি কল্পনা পাটোৱাৰীয়ে?

News18 Assam | News18-Assam
Updated:October 9, 2020, 6:53 PM IST
ৰাজ্যসভাৰ সাংসদ হোৱাৰ সপোন পূৰণ নোহোৱাত ত্যাগ কৰিলে বিজেপি! এইবাৰ বিধায়িকা হোৱাৰ বাসনাৰে অগপত যোগ দিলে নেকি কল্পনা পাটোৱাৰীয়ে?
বিজেপি ত্যাগ কৰি আঞ্চলিক দল অসম গণ পৰিষদত যোগ দিলে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে।

বিজেপি ত্যাগ কৰি আঞ্চলিক দল অসম গণ পৰিষদত যোগ দিলে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে।

  • Share this:
বিজেপি ত্যাগ কৰি আঞ্চলিক দল অসম গণ পৰিষদত যোগ দিলে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে। ভোজপুৰী গীতৰ সম্ৰাজ্ঞী কল্পনা পাটোৱাৰীয়ে শুকুৰবাৰে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগ দিয়ে। দুবছৰ পূৰ্বে বিজেপিৰ সেইসময়ৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীত যোগ দিয়া কল্পনা পাটোৱাৰীয়ে শেষতীয়াকৈ গেৰুৱা দল ত্যাগ কৰি আঞ্চলিক দলটোত যোগ দিয়ে। এতিয়া অগপত যোগ দিয়াৰ পিছতে বিভিন্ন মহলত চৰ্চা চলিছে যে, আগন্তুক অসম বিধানসভা নিৰ্বাচনত অগপৰ টিকটৰ পৰা বিধায়ক হোৱাৰ মন মেলিছে কণ্ঠশিল্পীগৰাকীয়ে।

চৰ্চা চলা মতে, "ভোজপুৰী কুইন" কল্পনা পাটোৱাৰীৰ লক্ষ্য সৰভোগ সমষ্টি। আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা অগপৰ টিকট বিচাৰিব কল্পনা পাটোৱাৰীয়ে। পূৰ্বে ৰাজ্যসভালৈ যোৱাৰ উদ্দেশ্যে পাটনাত বিজেপিৰ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰিছিল পাটোৱাৰীয়ে। বিজেপি দলত যোগদান কৰি তেনে সুবিধা লাভ নকৰাত কল্পনা পাটোৱাৰীয়ে শেহতীয়াকৈ ৰাজ্যত ৰাজনীতি কৰা বিশেষকৈ বিধায়িকা হোৱাৰ বাসনাৰে শুকুৰবাৰে অসম গণ পৰিষদ দলত যোগ দিয়ে।

অগপত যোগ দি অসমীয়াৰ ৰক্ষা কৱছৰ কথা উল্লেখ কৰে কল্পনা পাটোৱাৰীয়ে। শুকুৰবাৰৰ যোগদান কাৰ্য্যসূচীত উপস্থিত আছিল অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰি সভাপতি মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ফনীভূষণ চৌধুৰী। একেটা অনুষ্ঠানতে আন কেবাটাও দলৰ কেবাজনো ব্যক্তিয়ে অসম গণ পৰিষদত যোগ দিয়ে।
Published by: Himangshu Bhuyan
First published: October 9, 2020, 6:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading