মুখ্যপৃষ্ঠা »খবৰ »অসম »খেদিলেও নাযায়? বিদেশী খেদিবলৈ কি কি অসুবিধা আছে? ক’লে অতুল বৰাই

খেদিলেও নাযায়? বিদেশী খেদিবলৈ কি কি অসুবিধা আছে? ক’লে অতুল বৰাই

খেদিলেও বিদেশী ৰাষ্ট্ৰই ল’বটো লাগিব?

খেদিলেও বিদেশী ৰাষ্ট্ৰই ল’বটো লাগিব?

খেদিলেও বিদেশী ৰাষ্ট্ৰই ল’বটো লাগিব?

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ হৈ থকাৰ সময়ত ৰাইজে বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত আৰু ৰাজপথত সমালোচনা, ককৰ্থনাৰে থকা সৰকা কৰিছে জাতীয়তাবাদী শিবিৰৰ তথাকথিত ত্ৰাণকৰ্তা অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাক। তীক্ষ্ন সমালোচনাৰ অন্তত অৱশেষত ৰাইজৰ বাক্যবাণৰ উত্তৰ দিছে অতুল বৰাই। অতুল বৰাই কয়,
অসমত এতিয়া ভূতৰ মুখত ৰাম নাম! কংগ্ৰেছে অসম ধ্বংস কৰিলে।

বিদেশী অসমত আছে হয়, কিন্তু খেদিব পৰা নাই। খেদিলেও বিদেশী ৰাষ্ট্ৰই লবতো লাগিব।
ইয়াৰ লগতে বিদেশী কিয় খেদিব পৰা হোৱা নাই সেই প্ৰশ্নৰ উত্তৰ দি অতুল বৰাই কয়,
বিগত সময়ত বিদেশীক খেদা হল, কিন্তু সেইসকল বিদেশী আকৌ ঘুৰি আহিছে।
বিদেশীৰ পৰা পৰিত্ৰাণ পোৱাৰ এক নম্বৰ উপায় হিচাপে ৬ নং দফা প্ৰযোজ্য কৰাৰ কথা ক’লে অতুল বৰাই।

সমালোচনা–কটাক্ষ এইবোৰক লৈ অতুল বৰাৰ প্ৰত্যুত্তৰ, বহুতে আমাৰ বহুত নামাকৰণ কৰিছে। হাঁহি উঠে আমিও আৱেগত কৰিছিলো চাগে। আমাৰ চৰকাৰ প্ৰতাৰক নহয়, আমি জাতিৰ প্ৰতি দায়ৱদ্ধ। অসম চুক্তিৰ মূল আত্মা ৰূপায়ণ কৰাৰ বাবে আমাৰ চৰকাৰ দায়ৱদ্ধ।

শেহতীয়া বাতৰি