• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘কি কাৰণে হিমন্ত বিশ্ব শৰ্মাই ICMR–ক নামানো কৈছে স্পষ্ট কৰক’, দেৱব্ৰত শইকীয়াৰ দাবী

‘কি কাৰণে হিমন্ত বিশ্ব শৰ্মাই ICMR–ক নামানো কৈছে স্পষ্ট কৰক’, দেৱব্ৰত শইকীয়াৰ দাবী

ক’ভিড সন্দৰ্ভত ভাল পৰিকল্পনা নহ’লে মানুহে নাখাই মৰিব, স্বাস্থ্যমন্ত্ৰী মহোদয়ে স্বাস্থ্য বিভাগৰ কাম কাজত দৃষ্টি ৰাখিব লাগে, বিগত কেইদিনত স্বাস্থ্য মন্ত্ৰীয়ে বহু তৰল মন্তব্য কৰিছে। যিটো দুৰ্ভাগ্যজনক, ICMR নামানো বুলি কৈ স্বাস্থ্য মন্ত্ৰীয়ে গোটেই বিষয়টোক বুমেৰাং কৰিছে, হিমন্ত বিশ্ব শৰ্মাই কিয় ICMR ক নামানে সেই সন্দৰ্ভত স্পষ্ট কৰিব লাগে।–দেৱব্ৰত শইকীয়া

  • Share this:
ক’ভিড ১৯ মহামাৰীৰ বাবে ৰাজ্যৰ কেবাখনো জিলাত চলি আছে লকডাউন। এই লক ডাউনৰ ফলত বহু লোকে দুবেলা দুমুঠি খোৱাৰ বাবে সৃষ্টি হৈছে অসুবিধাৰ। এই সন্দৰ্ভত নিজ আৱাসত সংবাদমেল সম্বোধন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে,

'ক’ভিড সন্দৰ্ভত ভাল পৰিকল্পনা নহ’লে মানুহে নাখাই মৰিব, স্বাস্থ্যমন্ত্ৰী মহোদয়ে স্বাস্থ্য বিভাগৰ কাম কাজত দৃষ্টি ৰাখিব লাগে, বিগত কেইদিনত স্বাস্থ্য মন্ত্ৰীয়ে বহু তৰল মন্তব্য কৰিছে। যিটো দুৰ্ভাগ্যজনক, ICMR নামানো বুলি কৈ স্বাস্থ্য মন্ত্ৰীয়ে গোটেই বিষয়টোক বুমেৰাং কৰিছে, হিমন্ত বিশ্ব শৰ্মাই কিয় ICMR ক নামানে সেই সন্দৰ্ভত স্পষ্ট কৰিব লাগে। সকলো ৰাজ্যত স্বাস্থ্য বিভাগৰ বিশেষ কমিটী আছে।সকলোৱে পৰামৰ্শ দিয়ে কেনেদৰে যুঁজিব,সকলো ৰাজ্যৰ দলত চিকিৎসক আছে, কিন্ত অসমত চিকিৎসকক নলৈ টাস্ক ফৰ্চ গঠন কৰা হৈছে। কোনো চিকিৎসকক নোলোৱাকৈ কেনেদৰে টাস্ক ফৰ্চ গঠন কৰিলে ৰাজ্য চৰকাৰে?’ হিমন্ত বিশ্ব শৰ্মাক এনেকৈ সমালোচনা কৰি সকলো কথা ৰাজহুৱা কৰাৰ আহ্বান শইকীয়াৰ।

শইকীয়াই লগতে কয়, ‘লকডাউন দিয়াত গুৱাহাটীৰ পৰা বহু মানুহ গাঁৱলৈ গল। তেওঁলোকৰ পৰা ৰাজ্যত সংক্ৰমন হৈছে।’ ক’ভিড টেষ্টৰ ফলাফল ১০ দিনৰ পিছতো বহু লোকে লাভ নকৰা সম্পৰ্কত বিধায়কজনে মন্তব্য কৰে যে 'স্বাস্থ্য মন্ত্ৰীয়ে তিনিদিনৰ ভিতৰত টেষ্টৰ ৰিজাল্ট দিব বুলি কৈছিল, কিন্তু স্বাস্থ্য মন্ত্ৰীয়ে কোৱাৰ দৰে হৈ থকা নাই, ১৪ দিন পাৰ হোৱাৰ পিছটো বহুতৰ ফলাফল অহা নাই, গোটেই বিষয়টো তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক দিব লাগে।প্ৰয়োজনত মুখ্যমন্ত্ৰীক তথ্য প্ৰদানৰ কথা কলে বিধায়ক শইকীয়াই।’

আনহাতে, মাজুলীত প্ৰাক্তন প্ৰবক্তাৰ পত্নী ব্ৰহ্মপুত্ৰত পৰি মৃত্যু হোৱা সম্পৰ্কত দেৱব্ৰত শইকীয়া কয় যে 'মাজুলীত আধাৰশিলা স্থাপন কৰা হৈছিল যদিও আজিলৈকে নহল,জল পৰিবহন উন্নয়নৰ বাৰে ১২শ কোটি টকা কেন্দ্ৰই দিছিল,কিন্তু জল পৰিবহন উন্নত নহ’ল। ২০১৯ চনত জল পৰিবহন উন্নয়নৰ বাবে ৬০০ কোটি টকা বিদেশী বিনিয়োগ লৈছিল অসম চৰকাৰে, কিন্তু জলপৰিবহন উন্নত নহল। যাৰ বাবে মাজুলীৰ এগৰাকী প্ৰবক্তা ফেৰিৰ পৰা পৰিবলগাৰ দৰে দুৰ্ঘটনা হ’ল, জলপৰিবহনৰ উন্নয়নৰ বাবে অহা টকা কি হ’ল তাৰ হিচাপ ৰাজহুৱা কৰক, SOPD আঁচনিৰ কাম বিৰোধী বিধায়কৰ সমষ্টিত হোৱা নাই।'

লগতে কোৱাৰান্টাইনত থকা লোক সকলে প্ৰথম অবস্থাৰ দৰে ব্যৱস্থা নোপোৱাৰ কথা অভিযোগ কৰিছে বিৰোধী দলপতিজনে। 'প্ৰথমে কোৱাৰেণ্টাইনত থকা সকলক মোবাইল দিয়াৰ কথা কৈছিল।এতিয়া চাবোন এডোখৰো নাই কোৱাৰেণ্টাইন চেন্টাৰত। কোৰোণাক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে। কভিড মহামাৰীৰ লগতে ৰাজনৈতিক লাভালাভৰ যুদ্ধত নামিছে বিজেপি।' তেওঁ মন্তব্য কৰে।
First published: