মিঞা মিউজিয়ামক কেন্দ্ৰ কৰি এতিয়া তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতি। বিজেপিয়ে এতিয়া সমগ্ৰ বিষয়টোক নিৰ্বাচনী ইচ্ছ্যু হিচাপে বাছি লোৱা বুলি বিভিন্ন মহলত আলোচনা হৈছে।
মিঞা মিউজিয়ামক কেন্দ্ৰ কৰি এতিয়া তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতি। বিজেপিয়ে এতিয়া সমগ্ৰ বিষয়টোক নিৰ্বাচনী ইচ্ছ্যু হিচাপে বাছি লোৱা বুলি বিভিন্ন মহলত আলোচনা হৈছে।
মিঞা মিউজিয়ামক কেন্দ্ৰ কৰি এতিয়া তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতি। বিজেপিয়ে এতিয়া সমগ্ৰ বিষয়টোক নিৰ্বাচনী ইচ্ছ্যু হিচাপে বাছি লোৱা বুলি বিভিন্ন মহলত আলোচনা হৈছে। কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে কলাক্ষেত্ৰত মিঞা মিউজিয়াম নিৰ্মাণৰ সমৰ্থনত পত্ৰ লিখাৰ পিছৰে পৰা বিষয়টো সৰ্বত্ৰ চৰ্চিত হৈছে। তাৰ মাজতে শনিবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেৰমান আলীক জে’লত ভৰোৱা হ’ব বুলি মন্তব্য কৰিছিল।
মন্ত্ৰী শৰ্মাই কৈছিল যে, ‘২০২১ত চৰকাৰ গঠন কৰিলেই গ্ৰেপ্তাৰ কৰা হ’ব শ্বেৰমান আলীক। একেবাৰে ওলাব নোৱাৰাকৈ জে’লত ভৰোৱা হ’ব। কলাক্ষেত্ৰত লুঙি থোৱাৰ কথা কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। ইয়াৰ বাবে ক্ষমা খুজিব লাগিব শ্বেৰমানে।’
কিন্তু চৰকাৰ থকাৰ পিছতো ২০২১ৰ নিৰ্বাচনৰ পিছলৈ কিয় ৰ’ব লাগে বুলি একাংশই উভতি ধৰিছিল মন্ত্ৰী হিমন্তক। তাৰ প্ৰত্যুত্তৰত বাকপটু মন্ত্ৰীজনে কয় যে,‘এতিয়াই গ্ৰেপ্তাৰ কৰিলে মিঞাৰ মাজত হিৰ' হৈ যাব। বাঘবৰত বেছি ভোটত জিকি অহাটোৱে তেওঁৰ লক্ষ্য। এতিয়াই গ্ৰেপ্তাৰ কৰিলে তেওঁ বিচৰাটো দি দিয়া হ'ব। গতিকে তেওঁক পিছত এনেকুৱাকৈ জেলত দিম যে সোনকালে ওলাব নোৱাৰিব। ১০০% গ্ৰেপ্তাৰ হ'ব।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|