• Home
  • »
  • News
  • »
  • assam
  • »
  • ইণ্টাৰনেট নিষিদ্ধকৰণৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় কিয় সমগ্ৰ দেশৰ কাৰণে প্ৰাসংগিক?

ইণ্টাৰনেট নিষিদ্ধকৰণৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় কিয় সমগ্ৰ দেশৰ কাৰণে প্ৰাসংগিক?

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়যোগে অসম চৰকাৰক ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিছিল। ৯দিনৰ পিছত অসমত ম’বাইল ইণ্টাৰনেট সেৱা মুকলি কৰিবলৈ বাধ্য হৈছিল চৰকাৰ। 

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়যোগে অসম চৰকাৰক ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিছিল। ৯দিনৰ পিছত অসমত ম’বাইল ইণ্টাৰনেট সেৱা মুকলি কৰিবলৈ বাধ্য হৈছিল চৰকাৰ। 

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়যোগে অসম চৰকাৰক ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিছিল। ৯দিনৰ পিছত অসমত ম’বাইল ইণ্টাৰনেট সেৱা মুকলি কৰিবলৈ বাধ্য হৈছিল চৰকাৰ। 

  • Share this:
চীনৰ কমিউন্যিষ্ট দলৰ কেন্দ্ৰীয় কমিটিয়ে প্ৰকাশ কৰা চৰকাৰী বাতৰি কাকতত অলপতে ভাৰতৰ উদাহৰণেৰে ইণ্টাৰনেট সেৱা নিষিদ্ধকৰণৰ সপক্ষে কেতবোৰ যুক্তি দিয়া হৈছিল। বাতৰিটোত লিখা হৈছিল,
বিতৰ্কিত নতুন নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতে অলপতে ইণ্টাৰনেট নিষিদ্ধ কৰাৰ নিৰ্দেশনা দিছে। ইয়াৰ অৰ্থ হৈছে দেশৰ জৰুৰীকালীন অৱস্থাত ইণ্টাৰনেট নিষিদ্ধ কৰাটো সাৰ্বভৌম দেশসমূহৰ কাৰণে আদৰ্শ অভ্যাস হোৱা উচিত।  ( "India recently ordered a shutdown of the Internet... to control protests over the controversial new Citizenship Amendment Bill. It means that shutting down the Internet in a state of emergency should be standard practice for sovereign countries,”)

শেহতীয়াকৈ ভাৰতে বিশ্বৰ ভিতৰতে সৰ্বাধিক সময়ৰ কাৰণে ইণ্টাৰনেট নিষিদ্ধ কৰাৰ অভিলেখ (?) অৰ্জন কৰিছে! ভাৰতে এইক্ষেত্ৰত চেৰ পেলাইছে পাকিস্তান, ইৰাক, চিৰিয়া, তুৰ্কী আৰু ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ দৰে দেশো।

সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত ইণ্টাৰনেট সেৱা তাৎক্ষণিকভাৱে পুনৰ আৰম্ভ কৰিবলৈ দিয়া নিৰ্দেশ ভাৰত বা চীন চৰকাৰ উভয়ৰে কাৰণে এক অবাঞ্চিত খবৰ। কিন্তু দেশৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ কাৰণে এয়া নিশ্চিতভাৱে এক ঐতিহাসিক ৰায় যি দেশত ইণ্টাৰনেট ব্লেকআউটৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এক বাধাৰূপে চিহ্নিত হোৱাৰ সম্ভাৱনা আছে।

ইণ্টাৰনেট নিষিদ্ধকৰণৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা স্বাতী বিধান বৰুৱা, ৰোহিত শৰ্মা, দেৱকন্যা আৰু অন্যান্যসকল। (জয়ন্ত কোঠাৰী)


 

মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱাই কয়,
ৰাজ্য চৰকাৰে উত্থাপন কৰা কোনো তথ্যই ন্যায়ালয়ক আশ্বস্ত কৰিব পৰা নাই যে বৰ্তমানৰ তাৰিখত ম’বাইল ইণ্টাৰনেট সেৱাৰ পুনৰ মুকলি কৰাৰ ফলত আইন–শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি বা হিংসাত্মক ঘটনাৱলীৰে ৰাজ্যৰ নাগৰিকৰ জীৱন ব্যাহত কৰাৰ কোনো আশংকা আছে। (“No material is placed by the State to demonstrate and satisfy this Court that there exists, as on date, disruptions on the life of the citizens of the State with incidents of violence or deteriorating law and order situation, which would not permit relaxation of mobile Internet services.")

এই নিৰ্দেশক ধন্যবাদ যে, চৰকাৰে নিষিদ্ধ কৰাৰ ৯দিন পিছত অসমত শুকুৰবাৰে পুৱা ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰা হয়। 

এই নিৰ্দেশত আৰু কোৱা হৈছে যে,
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত ম’বাইল ইণ্টাৰনেট সেৱাই দৈনন্দিন জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ লৈছে। এই প্ৰভাৱ ইমানেই সুদূৰপ্ৰসাৰী যে ম’বাইল ইণ্টাৰনেট সেৱাৰ নিষিদ্ধকৰণে এক অৰ্থত জীৱন স্থবিৰ কৰি তুলিছে। (“the advancement of science and technology, mobile Internet services now play a major role in the daily walks of life — so much so, the shutdown of the mobile Internet service virtually amounts to bringing life to a grinding halt.")

ইয়াক এক ভাৰসাম্য থকা নিৰ্দেশ বুলি প্ৰশংসা কৰিছে দিল্লীৰ সাংবিধানিক অধিবক্তা গৌতম ভাটিয়াই, উচ্চ ন্যায়ালয়ে মানি লৈছে যে কেতবোৰ বিশেষ পৰিস্থিতিত আপুনি হিংসাত্মক ঘটনাৱলী ৰোধ কৰিবলৈ সাময়িকভাৱে ম’বাইল ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰিব পাৰে। কিন্তু এই ৰায়ত দুটা গুৰুত্বপূৰ্ণ কথা আছে–প্ৰথম ৰাজ্য চৰকাৰে এই কথা প্ৰমাণ কৰিব নোৱাৰিলে যে ইণ্টাৰনেটে কেনেকৈ হিংসাত্মক ঘটনাৱলী বৃদ্ধি কৰিছে। দ্বিতীয় ইণ্টাৰনেট সেৱাৰ ফলত সংঘটিত হিংসাত্মক ঘটনাৱলীৰ কোনো লিপিৱদ্ধ তথ্য নাই। সেইকাৰণে সাংবিধানিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰাৰ ক্ষেত্ৰত উপযুক্ত যুক্তি প্ৰমাণ তুলি ধৰিব নোৱাৰিলে।

জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে আনকি শেহতীয়াকৈ হংকঙত গৃহীত হোৱা এক অনুৰূপ নিৰ্দেশৰ প্ৰসংগ উত্থাপন কৰিলে। প্ৰতিবাদকাৰীয়ে বিক্ষোভত অংশ লওতে মুখা পিন্ধি প্ৰতিবাদ কৰা কাৰ্যৰ বিৰুদ্ধে হংকং প্ৰশাসনে যুক্তি দিছিল যে মুখাধাৰীসকলে হিংসাত্মক ঘটনা সংঘটিত কৰে। কিন্তু কৰ্টে প্ৰশাসনৰ মুখা পিন্ধি প্ৰতিবাদ নিষিদ্ধ কৰা আইন খাৰিজ কৰে, অন্যান্য যুক্তিৰ মাজত কৰ্টৰ যুক্তি আছিল যে মুখা পিন্ধি প্ৰতিবাদ নিষিদ্ধ কৰা কাৰ্যই হিংসাত্মক ঘটনা কেনেকৈ ৰোধ কৰিছে তাৰ কোনো তথ্য প্ৰমাণ নাই।

দৈনন্দিন জীৱনত ইণ্টাৰনেটৰ প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্বসহকাৰে উল্লেখ কৰি প্ৰদান কৰা ন্যায়পালিকাৰ এইটো দ্বিতীয়টো ৰায়।  যোৱা ছেপ্তেম্বৰ মাহত নিৰ্ধাৰিত সময়ৰ বাহিৰেও ম’বাইল ফোন ব্যৱহাৰ কৰি হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা এগৰাকী ছাত্ৰীক পুনৰ এডমিছনৰ কাৰণে অধ্যক্ষক নিৰ্দেশ দি কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পিভি আশাই দিয়া ৰায়দানত আছে,
যেতিয়া ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে নিৰ্ধাৰণ কৰিছে যে, ইণ্টাৰনেট ব্যৱহাৰ কৰাটো হৈছে শিক্ষাৰ অধিকাৰৰ বাট প্ৰশস্ত কৰা এক মৌলিক স্বাধীনতা আৰু শিক্ষাৰ্থীৰ এই অধিকাৰ কাঢ়ি ল’ব পৰা কোনো নিৰ্দেশনাৰ অনুমতি দিব নোৱাৰি সেয়া আইনৰ দৃষ্টিত যুক্তিপূৰ্ণ।  ("When the Human Rights Council of the United Nations has found that the right of access to Internet is a fundamental freedom and a tool to ensure right to education, a rule or instruction which impairs the said right of the students cannot be permitted to stand in the eye of Law.")

অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয় এনেধৰণৰ নিষিদ্ধকৰণৰ ভৱিষ্যতে প্ৰয়োজন নথকাৰ কথা উল্লেখ কৰা নাই।

ৰায়দানত আছে,
এই সেৱাৰ নিষিদ্ধকৰণ বা বাতিলকৰণক চৰম বিৰক্তিৰ কথা বুলি গণ্য কৰিব নালাগে। বিশেষ প্ৰেক্ষাপট বা পৰিস্থিতিৰ মাজত আইনে নিষিদ্ধকৰণৰ অনুমতি দিছে। কিন্তু এই নিষিদ্ধকৰণ অব্যাহত ৰখাৰ কাৰণ বৰ্তমানৰ পৰিস্থিতিয়ে নিদিলে ইয়াৰ অনুমতি দিব নোৱাৰি। প্ৰাৰম্ভিক নিৰ্দেশনাৰ সময়ে আপাত দৃষ্টিৰে স্বাভাৱিক জীৱন যাত্ৰা নাগৰিকৰ জীৱনলৈ পুনৰ উভতি অহাৰ সময়ৰ প্ৰয়োজনীয়তাক নায্যতা দিব নোৱাৰিলে এয়া গ্ৰাহ্য নহয়।  ("This is not to say that shutdown or suspension of service has to be viewed as an anathema. In given and specific situations, law permits suspension. But, would it be allowed to continue when the present situation do not justify its continuance; when the situation that prevailed on the date of issuance of the initial Notification is not shown to subsist as on date; when there has been an apparent shift to a state of normalcy on the lives of the citizens.")

স্বাভাৱিক জীৱনযাত্ৰা উভতি অহা এখন ৰাজ্যত ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীলতাই এই সমগ্ৰ বিষয়ক অধিক প্ৰাসংগিক কৰি তুলিছে। নিজৰ ৰিচাৰ্ছ কাকত দ্য লিগেল ডিচকানেক্ট:এন এনালাইছিছ অৱ ইণ্ডিয়াজ ইণ্টাৰনেট শ্বাটডাউনত নকুল নায়কে উল্লেখ কৰিছে, ‘ইণ্টাৰনেট সেৱা ব্যাহতকৰণ সমগ্ৰ দেশত অধিক মাত্ৰাত বৃদ্ধি পাবলৈ ধৰিছে। ২০১৫চনৰ মাজভাগৰ পৰা ২০১৬চনৰ মাজভাগলৈ বিশ্বত ১৯খন দেশে ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰিছে। ২০১৭চনত এই সংখ্যা ৩০খন দেশলৈ বৃদ্ধি পাইছে। ইয়াৰে উল্লেখনীয় উদাহৰণ হৈছে, ইজিপ্তৰ চৰকাৰে সমগ্ৰ দেশত চাৰিদিনৰ কাৰণে ইণ্টাৰনেট সেৱা ব্যাহত কৰিছিল। চীনে জিনজিয়াং প্ৰদেশত ১০মাহতকৈও অধিক সময় ইণ্টাৰনেট সেৱা ব্যাহত কৰা হৈছিল।'

নায়কৰ ৰিচাৰ্ছ কাকতত লগতে উল্লেখ আছে ইণ্টাৰনেট সেৱা ব্যাহত হোৱাৰ সময়ত অৰ্থনীতিৰ লোকচানৰ প্ৰসংগও। ২০১৬চনত Brookingsৰ  প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ভাৰতীয় অৰ্থনীতিৰ প্ৰায় ৯৬৮ মিলিয়ন ডলাৰৰ লোকচান হৈছে ইণ্টাৰনেট সেৱা ব্যাহত হোৱাৰ ফলত। এয়া বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ক্ষতি। The Indian Council for Research on International Economic Relations (ICRIER)ৰ শেহতীয়া প্ৰতিবেদনত ভাৰতে ২০১২চনৰ পৰা ২০১৭চনৰ ভিতৰত ইণ্টাৰনেট সেৱা ব্যাহত হোৱাৰ ফলত ৩.০৪বিলিয়ন ডলাৰৰ লোকচান হোৱাৰ কথা উল্লেখ কৰা হৈছে। শেহতীয়াকৈ অসমত ম’বাইল ইণ্টাৰনেট সেৱা ব্যাহত হোৱাৰ ফলত এপ বেছড টেক্সি সেৱা অ’লা–উবেৰৰ  ১২,০০০ চালক আৰু মালিকে এটকাও উপাৰ্জন কৰিব নোৱাৰি আত্মহত্যাৰ হুমকি দিছিল।

টেলিগ্ৰাফ এক্টৰ অধীনৰ নিৰ্দিষ্ট নিয়মৰ আধাৰত ভাৰতত ইণ্টাৰনেট নিষিদ্ধকৰণ বিষয়টো পৰিচালিত হয়।  The Temporary Suspension of Telecom Services (Public Emergency or Public Safety) Rules, 2017–এ স্বীকৃতিপ্ৰাপ্ত কৰ্তৃপক্ষক প্ৰত্যক্ষভাৱে ইণ্টাৰনেট নিষিদ্ধকৰণৰ কৰ্তৃত্ব আৰু ক্ষমতা প্ৰদান কৰে।

নায়কে উল্লেখ কৰা অনুসৰি,
ইণ্টাৰনেট সেৱা বাতিলকৰণৰ বিষয়টো একচেতিয়াভাৱে চৰকাৰে পৰিচালনা কৰে আৰু ইয়াত আটাইতকৈ প্ৰভাৱিত শ্ৰেণী–সাধাৰণ নাগৰিক, সংবাদমাধ্যম, ব্যৱসায় আৰু নাগৰিক সমাজৰ কোনো মাত নাই।

(জ্যেষ্ঠ সাংবাদিক শুভজিৎ সেনগুপ্তাৰ ইংৰাজী লেখাৰ আলমত)
Published by:Tulika Devi
First published: