উজনি অসমত কিয় অধিক মূল্যত বিক্ৰী হৈছে ইউৰিয়া?

News18 Assam | News18-Assam
Updated:August 19, 2020, 9:28 AM IST
উজনি অসমত কিয় অধিক মূল্যত বিক্ৰী হৈছে ইউৰিয়া?
চাহিদা অনুসৰি সাৰৰ যোগান হৈ উঠিলেই এই সমস্যাৰ অন্ত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

চাহিদা অনুসৰি সাৰৰ যোগান হৈ উঠিলেই এই সমস্যাৰ অন্ত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

  • Share this:
যোৰহাটকে মুখ্য কৰি উজনি অসমৰ বিভিন্ন স্থানত ইউৰিয়া সাৰ প্ৰকৃত মূল্যতকৈ বহু বেছি মূল্যত বিক্ৰী কৰি অহাৰ অভিযোগ উঠি আহিছে। ২৬৬ টকা মূল্যৰ ইউৰিয়াৰ একোটা বেগ বহু ঠাইত বিক্ৰী হৈছে ৪০০-৪৫০ টকা পৰ্যন্ত মূল্যত! এনেদৰে অধিক মূল্যত ইউৰিয়া ক্ৰয় কৰিব লগা হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে কৃষিৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া খেতিয়কসকলৰ মাজত। এই মূল্যবৃদ্ধিৰ অন্তৰালৰ কাৰণ ফাদিল হৈছে News18ৰ চৰজমিন অনুসন্ধানত।

খেতিৰ ভৰপক সময়তে যোৰহাটকে মুখ্য কৰি উজনি অসমৰ বিভিন্ন ঠাইত ইউৰিয়া সাৰ প্ৰকৃত মূল্যতকৈ বহু বেছি দামত বিক্ৰী হৈ অহাৰ অভিযোগ নতুন নহয়। ২৬৬ টকা মূল্যৰ একোটা ইউৰিয়াৰ বেগ খুচুৰা বজাৰত ৪০০-৪৫০ টকা দৰত বিক্ৰী হোৱাৰ অভিযোগ উঠিছে। একাংশ পাইকাৰী বিক্ৰেতাই গুদামৰ পৰা এই সাৰ বিক্ৰী কৰাৰ সময়তে অধিক মূল্য লোৱাৰো আছে গুৰুতৰ অভিযোগ।

কিয় অধিক মূল্যত বিক্ৰী হৈছে ইউৰিয়া :

চৰকাৰৰ ভুল নীতিৰ বাবে দৰাচলতে ইউৰিয়া প্ৰকৃত মূল্যত বিক্ৰী কৰাটো প্ৰায় অসম্ভৱ। কাৰণ ২৬৬ টকা মূল্যৰ ইউৰিয়াৰ একোটা বেগ পাইকাৰী ব্যৱসায়ীসকলে ক্ৰয় কৰে ২৫৭ টকাত। উজনি বা নামনি অসমৰ কোনো এখন ঠাইলৈ এই সাৰ আহে ৰে’লৰ জৰিয়তে। যোৰহাটত প্ৰতিটো সাৰৰ বেগ ৰে’লৰ ডবাৰ পৰা নমাই গুদামত থোৱালৈকে শ্ৰমিকৰ বাবদ যোৰহাটত ব্যয় হয় ১২ টকাকৈ। ৰে’লৰ গুডজ য়াৰ্ডৰ পৰা যোৰহাটৰ গুদামলৈ নিয়াৰ বাবে পৰিবহন ব্যয় হয় প্ৰতি বেগত ১৬ টকাকৈ।

আনহাতে, সাৰৰ বস্তাসমূহ গুদামত থোৱাৰ ব্যয়ো আছে। অৰ্থাৎ পাইকাৰী ব্যৱসায়ীসকলে গুদামত এবেগ ইউৰিয়া থোৱালৈকে যোৰহাটত অতিৰিক্তভাৱে ব্যয় কৰিব লগা হয় ২৮–৩৩ টকা। আনহাতে, এই ইউৰিয়া যদিহে মৰিয়নী, বৰহোলা, আমগুৰি, গোলাঘাট আদি ঠাইলৈ প্ৰেৰণ কৰা হয় তেন্তে অতিৰিক্ত পৰিবহন ব্যয় হয়গৈ প্ৰতি বেগত ২২ টকাৰ পৰা ২৮ টকা। অৰ্থাৎ ২৫৭ টকাত ক্ৰয় কৰি ২৬৬ টকাত বিক্ৰী কৰিব লগা ইউৰিয়াৰ প্ৰতি বেগৰ মূল্য যোৰহাটত হয়গৈ ২৮৫-২৯০ টকা।

পৰিবহন ব্যয়ৰ বাবদ প্ৰতি বেগৰ বিপৰীতে প্ৰায় ১০ টকাকৈ কোম্পানীসমূহৰ পৰা পাইকাৰী বিক্ৰী প্ৰতিষ্ঠানসমূহে ঘূৰাই পায় যদিও সেয়া ২০১৮ চনৰ পিছৰে পৰা পোৱা নাই বুলি জানিবলৈ দিছে যোৰহাটৰ পাইকাৰী ব্যৱসায়ীসকলে।

আনহাতে, ৰে’লৰ গুড্ছ য়াৰ্ডৰ পৰা ইউৰিয়া বিক্ৰী কৰিলে পৰিবহন ব্যয় বাদ দি প্ৰকৃত মূল্যতে ইউৰিয়া বিক্ৰী কৰা হয় বুলি জানিবলৈ দিছে যোৰহাটৰ এগৰাকী পাইকাৰী ব্যৱসায়ীয়ে। অতিৰিক্ত শ্ৰমিকৰ ব্যয় তথা পৰিবহন ব্যয় পৰিশোধ কৰাৰ পিছত এজন খুচুৰা ব্যৱসায়ীয়ে নিজৰ দোকানত অধিক মূল্য আদায় ললে তাৰ বাবে পাইকাৰী ব্যৱসায়ীসকল দায়বদ্ধ নহয় বুলি জানিবলৈ দিয়ে পাইকাৰী ব্যৱসায়ীগৰাকীয়ে।

"আমি ৰে’লৱে গুড্ছ য়াৰ্ডৰ পৰা আমাৰ গুদামলৈকে সাৰৰ বস্তাসমূহ আনোতে শ্ৰমিকৰ মজুৰি তথা পৰিবহন ব্যয়ৰ বাবদ এক বুজন পৰিমাণৰ ধন ব্যয় হয়। তদুপৰি গুদামৰ ভাড়াও আছে। সেয়েহে আমি প্ৰকৃত মূল্যৰ উপৰি এই অতিৰিক্ত ব্যয়খিনিও ল’বলগা হয়। ৰে’লৰ পৰা পোনপটীয়াকৈ সাৰসমূহ ক্ৰয় কৰিলে এই অতিৰিক্ত ব্যয়সমূহ দিব লগা নহয়। আনহাতে মৰিয়নী, গোলাঘাট, আমগুৰি আদি ঠাইলৈ পৰিবহন ব্যয় হয় প্ৰতি বেগত ২২ টকাৰ পৰা ২৮ টকা। ইয়াৰ লগত শ্ৰমিকৰ মজুৰি আছেই।", যোৰহাট ফাৰ্টিলাইজাৰৰ স্বত্বাধিকাৰীয়ে এনেদৰে কয়।

উজনি অসমত চাহিদা অনুসৰি যোগান নাই ইউৰিয়াৰ :
আনহাতে, এই মূল্যবৃদ্ধিৰ অন্যতম কাৰণ হ’ল উজনি অসমলৈ ইউৰিয়াৰ যোগান হ্ৰাস পোৱাটো। মাৰ্চৰ পৰা আগষ্টলৈ কেৱল যোৰহাট জিলাতে প্ৰয়োজন হয় ৭-৮ হাজাৰ টন ইউৰিয়া। যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু কাৰ্বি আংলং জিলাৰ বাবে একেলগে এটা ৰে’লৰ ৰেকত ইউৰিয়া আহে ২৬০০ টন। এই সময়ছোৱাত প্ৰতিমাহে এনে দুইৰ পৰা তিনিটা ৰেকৰ চাহিদা আছে যদিও উজনি অসমলৈ ইউৰিয়াৰ যোগান প্ৰায় ৫০ শতাংশ কমি গৈছে। আগষ্ট মাহত যোৰহাট আৰু গোলাঘাট জিলালৈ মাত্ৰ ৮০০–৯০০ টন ইউৰিয়া প্ৰেৰণ কৰা হৈছে।

কেঁচা চাহপাতৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে বৰ্তমান উজনি অসমত ইউৰিয়াৰ চাহিদা দুগুণ বৃদ্ধি পাইছে যদিও তাৰ বিপৰীতে ৫০% যোগান কমি গৈছে। ফলত একাংশ ব্যৱসায়ীয়ে নগাঁও, বৰপেটা আদি স্থানৰ পৰা ইউৰিয়া উজনি অসমলৈ আনি অধিক দামত বিক্ৰী কৰিছে। এনেদৰে অনা এবেগ ইউৰিয়াৰ পৰিবহন ব্যয়ো বহু বৃদ্ধি পায়। ফলত ২৬৬ টকাৰ এবেগ ইউৰিয়াৰ লগত অতিৰিক্ত ব্যয় যোগ হয় প্ৰায় ১০০ টকা বা তাতকৈয়ো অধিক। তাৰ পিছত খুচুৰা ব্যৱসায়ীসকলে নিজৰ লাভ্যাংশ ৰাখি ইউৰিয়া বিক্ৰী কৰোতে এই মূল্য বহু বৃদ্ধি পায় তথা ইয়াৰ মূল্য অনিয়ন্ত্ৰিত হৈ পৰে বুলি জানিবলৈ দিছে যোৰহাটৰ এগৰাকী পাইকাৰী বিক্ৰেতাই।

"বৰ্তমান যোৰহাট, গোলাঘাটকে ধৰি উজনি অসমত ইউৰিয়াৰ চাহিদা দুগুণলৈ বৃদ্ধি পালে। কিন্তু ইউৰিয়াৰ যোগান ৫০% কমি গ’ল। নামৰূপৰ বি ভি এফ চিৰ পৰা ইউৰিয়াৰ যোগান পৰ্যাপ্ত নহয়। ফলত নগাঁও তথা নামনি অসমৰ পৰা ইউৰিয়া আনি বহু ব্যৱসায়ীয়ে উজনিত বিক্ৰী কৰিছে। আনহাতে, কোম্পানীসমূহৰ পৰা ইউৰিয়াৰ লগতে অপ্ৰয়োজনীয় সাৰ ক্ৰয় কৰিব লগা হৈছে ব্যৱসায়ীসকলে। ফলত ইয়াৰ মূল্য বহু বৃদ্ধি পাইছে। ইউৰিয়াৰ যোগান চাহিদা অনুসৰি হ’লেই এই সমস্যাৰ অন্ত পৰিব।", যোৰহাট ফাৰ্টিলাইজাৰৰ স্বত্বাধিকাৰী অনিল আগৰৱালাই এনেদৰে কয়।

কৃষি বিভাগে কি কৰিছে ! 
ইউৰিয়াৰ মূল্যবৃদ্ধিৰ আঁৰৰ এই কাহিনীৰ বিষয়ে জ্ঞাত কৃষি বিভাগ। উজনিত ইউৰিয়া কৃষকসকলে অধিক মূল্যত ক্ৰয় কৰিব লগা হোৱাৰ কথা স্বীকাৰ কৰিছে কৃষি বিষয়াসকলেও। ইতিমধ্যে কৃষি বিভাগৰ সৈতে সাৰৰ পাইকাৰী বিক্ৰেতাসকলৰ এই সন্দৰ্ভত বৈঠকো অনুষ্ঠিত হৈছে। পাইকাৰী ব্যৱসায়ীসকলে কৃষি বিভাগক লিখিতভাৱে মূল্যবৃদ্ধিৰ আঁৰৰ কাৰণসমূহ ব্যখ্যা কৰিছে। অৱশেষত যোৰহাট জিলা কৃষি বিভাগে পাইকাৰী ব্যৱসায়ীসকলে অতিৰিক্ত ব্যয়সমূহ ধৰি প্ৰতিবেগ ইউৰিয়া কিমান দামত বিক্ৰী কৰিব তাৰ মূল্য নিৰ্ধাৰণ কৰিও দিছিল ৩১ জুলাই পৰ্যন্ত। আনহাতে, খুচুৰা ব্যৱসায়ীসকলে কৃষকসকলৰ পৰা অত্যাধিক মূল্য লোৱাৰ লিখিত অভিযোগ লাভ কৰিলে তেনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে  যোৰহাট জিলা কৃষি বিভাগে।

"চাহিদা অনুসৰি ইউৰিয়াৰ যোগান কম হোৱা বাবেই এই সমস্যাৰ সৃষ্টি হৈছে। অনুসংগিক ব্যয়সমূহ যোগ দি আমি পাইকাৰী ব্যৱসায়ীসকলৰ বাবে ইউৰিয়াৰ এক মূল্য নিৰ্ধাৰণ কৰি দিছিলো ৩১ জুলাই পৰ্যন্ত। যাতে অন্য জিলাৰ পৰাও আনিও যোৰহাটত ইউৰিয়া যোগান ধৰিব পৰা যায়। কিন্তু বৰ্তমান সেই নিৰ্দেশ বাতিল কৰা হৈছে। গোলাঘাট জিলাটো একেই পদক্ষেপ গ্ৰহণ কৰিছিল। আমি ইউৰিয়াৰ অত্যাধিক মূল্য সন্দৰ্ভত কৃষকসকলক লিখিত অভিযোগ দিবলৈ আহ্বান জনাইছো।", যোৰহাটৰ মহকুমা কৃষি বিষয়া ডঃ নিতুমণি গগৈয়ে এনেদৰে কয়।

এনেদৰেই চৰকাৰৰ ভুল নীতিৰ ফলত উজনি অসমত মূল্য বৃদ্ধি পাইছে ইউৰিয়া সাৰৰ। চাহিদা অনুসৰি সাৰৰ যোগান হৈ উঠিলেই এই সমস্যাৰ অন্ত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
Published by: Sanjay Kumar Das
First published: August 19, 2020, 9:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি