Earthquake In Assam: বৃহৎ ভূমিকম্পই কঁপাব নেকি অসম? কিয় সঘনাই আহিছে ভূমিকম্প? জনালে অসমৰ বিজ্ঞানীয়ে

News18 Assam | News18-Assam
Updated:April 30, 2021, 6:53 PM IST
Earthquake In Assam: বৃহৎ ভূমিকম্পই কঁপাব নেকি অসম? কিয় সঘনাই আহিছে ভূমিকম্প? জনালে অসমৰ বিজ্ঞানীয়ে
ড০ দুৱৰাই কয় যে, 'বৰ্তমানলৈকে ভূমিকম্পৰ আগজাননী দিয়াটো বিশ্বৰ ক'তোৱেই সম্ভৱ হৈ উঠা নাই। গতিকে জনসাধাৰণে উৰাবাতৰিৰ ওপৰত ভিত্তি কৰি ভীতিগ্ৰস্ত হ'ব নালাগে।'

ড০ দুৱৰাই কয় যে, 'বৰ্তমানলৈকে ভূমিকম্পৰ আগজাননী দিয়াটো বিশ্বৰ ক'তোৱেই সম্ভৱ হৈ উঠা নাই। গতিকে জনসাধাৰণে উৰাবাতৰিৰ ওপৰত ভিত্তি কৰি ভীতিগ্ৰস্ত হ'ব নালাগে।'

  • Share this:
বুধবাৰে পুৱা অসম কঁপাই গ'ল এটা শক্তিশালী ভূমিকম্পই।  শক্তিশালী ভূমিকম্পৰ পিছতে ৰাজ্যত সঘনাই আহিছে সৰু সৰু ভূমিকম্প। ফলত আতংকত দিন পাৰ কৰিছে সকলোৱে।  শীঘ্ৰে বিধ্বংসী বৰভূঁইকপ অহাৰ কেতবোৰ উৰাবাতৰি বিয়পি পৰিছে ছচিয়েল মিডিয়াত। কিন্তু ভূমিকম্পৰ আগজাননী দিব পৰাটো প্ৰকৃততে সম্ভৱনে? আনহাতে শোণিতপুৰ জিলাৰ বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলত সঘনাই হৈ থকা ভূমিকম্পৰ কাৰণ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে বিশেষজ্ঞই ।

এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট ভূতত্ববিদ তথা NEIST , যোৰহাটৰ প্ৰাক্তন মুখ্য বিজ্ঞানী ড০ ৰঞ্জু দুৱৰাই। উল্লেখ্য যে, ড০ দুৱৰাই বিগত প্ৰায় ৩০ বছৰ ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত সংঘটিত ভূমিকম্পৰ ওপৰত চলা গৱেষণা আৰু অধ্যয়নৰ সৈতে জড়িত হৈ আছে ।

ড০ দুৱৰাই কয় যে, 'বৰ্তমানলৈকে ভূমিকম্পৰ আগজাননী দিয়াটো বিশ্বৰ ক'তোৱেই সম্ভৱ হৈ উঠা নাই। গতিকে জনসাধাৰণে উৰাবাতৰিৰ ওপৰত ভিত্তি কৰি ভীতিগ্ৰস্ত হ'ব নালাগে।'

আনহাতে এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ অঞ্চলত ভূতত্ববিদ ড০ ৰঞ্জু দুৱৰাৰ সৈতে উপস্থিত হৈছিল News18 । বুধবাৰৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ উত্তৰ অঞ্চল বুলি চিহ্নিত হৈছে ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি চিহ্নিত অঞ্চলটোত য’তে ত’তে পথাৰৰ মাটি তথা ঘৰৰ চোতালত ফাট মেলিছে ৷ পানী আৰু বালি ভূ-গৰ্ভৰ পৰা ওলাই আহিছে ৷ কিন্তু অঞ্চলটোত দেখিবলৈ পোৱা নগ'ল বিশেষ কোনো ক্ষয় ক্ষতিৰ চিন। সেয়েহে এই ভূমিকম্পৰ অভিকেন্দ্ৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ সমীপৰ অৰুণাচল সীমান্ত বুলি ধাৰণা কৰা হৈছে।

তদুপৰি কপিলি ফল্টৰ ওপৰত থকা শোণিতপুৰৰ এই ভূমিকম্প প্ৰৱণ অঞ্চলটোত বুধবাৰৰ ভূমিকম্পটোতকৈ অধিক মানৰ ভূমিকম্প অহাৰ সম্ভাৱনা নাই বুলি জানিবলৈ দিছে বিজ্ঞানীগৰাকীয়ে।

শোণিতপুৰৰ ঢেকিয়াজুলী অঞ্চলত বুধবাৰৰ ভূমিকম্পটোৰ পিছত সৃষ্টি হোৱা বহুকেইটা সৰু সৰু ভূমিকম্প সন্দৰ্ভতো ব্যাখ্যা আগবঢ়াই বিশিষ্ট বিজ্ঞানীগৰাকীয়ে লগতে কয় যে,  'শোণিতপুৰৰ এই অঞ্চলটোৰ মাজেৰে কপিলি ফল্ট পাৰ হৈ গৈছে। আৰু এই ফল্ট ম'ভমেণ্ট বাবে অঞ্চলটোত সৰু-সুৰা ভূমিকম্প হৈ থাকে।'

2-3-4 মানৰ ভূমিকম্প এই অঞ্চলটোৰ 30-40 কিলোমিটাৰ গভীৰতাত হৈ থকাটো স্বাভাৱিক বুলি উল্লেখ কৰি ভূতত্ববিদগৰাকীয়ে আৰু কয় যে, 'প্ৰত্যেকটো ফল্টৰ পৰাই ভূমিকম্পৰ সৃষ্টি নহয় আৰু কোনো এটা ফল্টৰ প্ৰকৃতিৰ পৰা তাত সৃষ্টি হ'ব পৰা ভূমিকম্পৰ মানৰ সীমাবদ্ধতা থাকে।'

" 1897 চনৰ মেঘালয়ত হোৱা 8.7 মানৰ ভূমিকম্প বা 1950 চনত অৰুণাচল প্ৰদেশৰ ৰামিভেলিত সৃষ্টি হোৱা 8.6 মানৰ ভূমিকম্পৰ দৰে বৃহৎ ভূমিকম্প কপিলি ফল্টত সৃষ্টি হ'ব নোৱাৰে । ফল্টসমূহত কিমান বৃহৎ ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে তাত সীমাবদ্ধতা থাকে। ", ভূতত্ববিদ ড০ ৰঞ্জু দুৱৰাই এনেদৰে কয় ।

আনহাতে গুৱাহাটী মহানগৰৰ বহু অঞ্চলত পূৰ্বৰ জলাশয় বা পিটনিসমূহ পুতি তাত অবিজ্ঞানসন্মত ভাৱে গৃহ নিৰ্মাণ কৰা বাবে ভূমিকম্পৰ প্ৰাবল্য গুৱাহাটীত অধিক হোৱাৰ লগতে ক্ষয়-ক্ষতিৰ মাত্ৰাও অধিক হয় বুলি মত ব্যক্ত কৰে ড০ দুৱৰাই । কাৰণ এনে অঞ্চলত ভূমিকম্পৰ পৰা সৃষ্টি হোৱা তৰঙ্গসমূহৰ তীব্ৰতা বৃদ্ধি পায় আৰু ইয়াৰ ফলত ক্ষতিৰ পৰিমাণ বাঢ়ে।
Published by: Himangshu Bhuyan
First published: April 30, 2021, 6:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি