உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মঞ্চলৈ উঠি গৈ মুখ্যমন্ত্ৰীক লগ পাব বিচৰা যুৱতীগৰাকী কোন জানেনে? কিয় মুখ্যমন্ত্ৰীক লগ পাব বিচাৰিছিল যুৱতীগৰাকীয়ে?

    মঞ্চলৈ উঠি গৈ মুখ্যমন্ত্ৰীক লগ পাব বিচৰা যুৱতীগৰাকী কোন জানেনে? কিয় মুখ্যমন্ত্ৰীক লগ পাব বিচাৰিছিল যুৱতীগৰাকীয়ে?

    যোৰহাটত বৃহস্পতিবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভাত হঠাৎ মঞ্চলৈ উঠি যাবলৈ প্ৰয়াস কৰে এগৰাকী কলেজীয়া ছাত্ৰীয়ে। কলেজৰ ইউনিফৰ্ম পৰিধান কৰা ছাত্ৰীগৰাকী মঞ্চৰ বাওফালেৰে মঞ্চৰ ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰে।

    যোৰহাটত বৃহস্পতিবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভাত হঠাৎ মঞ্চলৈ উঠি যাবলৈ প্ৰয়াস কৰে এগৰাকী কলেজীয়া ছাত্ৰীয়ে। কলেজৰ ইউনিফৰ্ম পৰিধান কৰা ছাত্ৰীগৰাকী মঞ্চৰ বাওফালেৰে মঞ্চৰ ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰে।

    যোৰহাটত বৃহস্পতিবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভাত হঠাৎ মঞ্চলৈ উঠি যাবলৈ প্ৰয়াস কৰে এগৰাকী কলেজীয়া ছাত্ৰীয়ে। কলেজৰ ইউনিফৰ্ম পৰিধান কৰা ছাত্ৰীগৰাকী মঞ্চৰ বাওফালেৰে মঞ্চৰ ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰে।

    • Share this:
    যোৰহাটত বৃহস্পতিবাৰে দুপৰীয়া অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভাত হঠাৎ মঞ্চলৈ উঠি যাবলৈ প্ৰয়াস কৰে এগৰাকী ছাত্ৰীয়ে। ঘটনাটো প্ৰত্যক্ষ কৰা লোকসকল আচৰিত হয়  ছাত্ৰীগৰাকীৰ এনে কাৰ্যত। কিন্তু পিছত পোহৰলৈ আহে যে মাতৃ তথা পৰিয়ালৰ বাবে এটি দীৰ্ঘদিনীয়া অনুৰোধ লৈ মুখ্যমন্ত্ৰীক লগ পাব বিচাৰিছিল যুৱতীগৰাকীয়ে। এই ঘটনাৰ আঁৰৰ কাহিনী জানিলে চকু সেমেকি উঠিব আপোনাৰ।

    যোৰহাটত বৃহস্পতিবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভাত হঠাৎ মঞ্চলৈ উঠি যাবলৈ প্ৰয়াস কৰে এগৰাকী কলেজীয়া ছাত্ৰীয়ে। কলেজৰ ইউনিফৰ্ম পৰিধান কৰা ছাত্ৰীগৰাকী মঞ্চৰ বাওফালেৰে মঞ্চৰ ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰে। অৱশ্যে আৰক্ষীয়ে বাধা প্ৰদান কৰি কৰায়ত্ত কৰে ছাত্ৰীগৰাকীক। ইয়াৰ পিছতে আৰক্ষীয়ে মঞ্চৰ পিছফালে লৈ যায় ছাত্ৰীগৰাকীক। সকলোৰে মনত প্ৰশ্ন হৈছিল যে, কোন এই গৰাকী যুৱতী আৰু কিয় এনেদৰে মুখ্যমন্ত্ৰীক লগ পাবলৈ মঞ্চলৈ উঠি যাব বিচাৰিছিল?

    দৰাচলতে বিগত বহুবছৰ ধৰি মুখ্যমন্ত্ৰীক লগ পাবলৈ চেষ্টা কৰিছিল যোৰহাটৰ ধলাজান আকাহু গাঁৱৰ মিনাক্ষী বৰা নামৰ এই যুৱতীগৰাকী আৰু তেওঁৰ মাতৃ দিপামণি বৰাই। ইয়াৰ পূৰ্বে বহুবাৰ একাংশ চৰকাৰী শীৰ্ষ আমোলা-বিষয়াকো লগ কৰিছে তেওঁলোকে। কিন্তু কাম হোৱা নাই তেওঁলোকৰ। যুৱতীগৰাকীৰ পিতৃ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী ঘন বৰাৰ ২০০৮ চনৰ ৩০ অক্টোবৰত গণেশগুৰিত সংঘটিত বোমা বিস্ফোৰণত গুৰুতৰ ভাবে আহত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল। অৱশেষত চাৰি বছৰ ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত মৃত্যু হৈছিল ঘন বৰাৰ। পিতৃৰ মৃত্যুৰ পিছত আৰ্থিক ভাবে জুৰুলা হৈ পৰা পৰিয়ালটোক প্ৰয়োজন হৈছিল কিছু চৰকাৰী সহায়ৰ। এটা সংস্থাপনৰ। পৰিয়ালৰ কোনো এজনে বিচাৰিছিল অনুকম্পামূলক সংস্থাপন। কিন্তু সেয়া হৈ নুঠিল। সেয়েহে মাতৃৰ সৈতে এখন আবেদন লগত লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আহিছিল যুৱতীগৰাকী ।

    প্ৰথম অৱস্থাত আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিলেও প্ৰকৃত কথা জনাৰ পিছত সভা শেষ হোৱাৰ অন্তত মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে যুৱতীগৰাকী আৰু তেওঁৰ মাতৃক। বোমা বিস্ফোৰণত আহত হৈ চিকিৎসাধীন অৱস্থাত চাৰি বছৰ পিছত মৃত্যু হোৱাত ঘণ বৰাৰ কৰা হোৱা নাছিল মৰণোত্তৰ পৰীক্ষা। আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নথকা বাবেই বিগত প্ৰায় এটা দশক জুৰি চৰকাৰী সাহাৰ্যৰ বিচাৰি হাবাথুৰি খাই ফুৰিছে পৰিয়ালটিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোখিনি কথা জনাৰ পিছত দূৰ্ভগীয়া পৰিয়ালটোৰ বাবে কিবা এটা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ।

    বৰ্তমান সকলোৱে বিচাৰিছে যাতে আৰ্থিক ভাবে জুৰুলা হৈ পৰা এই পৰিয়ালটিৰ কোনো এজন সদস্যক চৰকাৰে সংস্থাপনৰ এটি ব্যৱস্থা কৰি দিয়ে।
    Published by:Himangshu Bhuyan
    First published: