• Home
  • »
  • News
  • »
  • assam
  • »
  • কিয় হাতীক আটক কৰিছিল নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই? অৱশেষত নগাঁও আৰক্ষীয়ে মুকলি কৰি দিলে ঘৰচীয়া হাতীক

কিয় হাতীক আটক কৰিছিল নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই? অৱশেষত নগাঁও আৰক্ষীয়ে মুকলি কৰি দিলে ঘৰচীয়া হাতীক

চহৰৰ মাজ-মজিয়াত ঘৰচীয়া হাতী লৈ ধন সংগ্ৰহ কৰা হাতীৰ মালিকৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষী

চহৰৰ মাজ-মজিয়াত ঘৰচীয়া হাতী লৈ ধন সংগ্ৰহ কৰা হাতীৰ মালিকৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষী

চহৰৰ মাজ-মজিয়াত ঘৰচীয়া হাতী লৈ ধন সংগ্ৰহ কৰা হাতীৰ মালিকৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষী

  • Share this:
"ৰাজপথত একাংশ ঘৰচীয়া হাতীৰ মালিকে বহু লোকৰ পৰা গণেশ দেৱতাক পূজা কৰাৰ নামত ধন সংগ্ৰহ কৰে। ইয়াৰ ফলত যান-যঁটৰো সৃষ্টি হয় লগতে প্ৰখৰ ৰ'দত ঘৰচীয়া হাতী শাস্তিৰ সন্মুখীন হয়। সেয়েহে আমি গৰাকীসহ হাতীৰ মালিকগৰাকীক আটক কৰিবলৈ বাধ্য হৈছিলো।"- এই মন্তব্য নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ।

উল্লেখযোগ্য যে, শুকুৰবাৰে নগাঁও চহৰত ডিমৰুগুৰিৰ পৰা আৰক্ষী অধীক্ষকগৰাকীয়ে গৰাকীসহ এটি ঘৰচীয়া হাতীক আটক কৰি সদৰ থানালৈ লৈ আনিছিল। ৰূপহী ৰৌমাৰীৰ ম: আলিমূল ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে এটি ঘৰচীয়া হাতীক লৈ প্ৰায়ে চহৰৰ মাজত যান-বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পিছতে আজি নগাঁও আৰক্ষীয়ে আলিমূলক হাতীসহ আটক কৰি সদৰ থানাত ৪ঘণ্টা আৱদ্ধ কৰি ৰাখে। অৱশ্যে ভৱিষ্যতে এনে ধৰণৰ কাৰ্যৰ পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত আৰক্ষীয়ে আলিমূলক মুকলি কৰি দিয়ে।
Published by:Himangshu Bhuyan
First published: